শোণিতপুৰ, ডিব্ৰুগড় লোকসভাৰ ভোটাৰলৈ আপৰ কৃতজ্ঞতা
ৰঙিলী বাৰ্ত্তাসেৱা- “সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু মনোজ ধানোৱাৰক ভোট দি ৰাজ্যত আম আদমী পাৰ্টিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে দুয়োটা লোকসভা সমষ্টিৰ ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে। নিৰ্বাচনত আপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে দলৰ প্ৰাৰ্থিত্ব লাভৰ পাছৰে পৰা নিৰৱচ্ছিন্নভাৱে বিজয়ৰ লক্ষ্যৰে কাম কৰিছিল। ডিব্ৰুগড়ত প্ৰাৰ্থী মনোজ ধানোৱাৰে ১ লাখ ৩৭ হাজাৰ আৰু শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্যই ৩৪ হাজাৰ ভোট লাভ কৰে। দলৰ প্ৰতি নিস্বাৰ্থ সমৰ্থন আগবঢোৱা ভোটাৰ তথা সৰ্বসাধাৰণ ৰাইজক আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ” ৰাজ্যিক সভাপতি গৰাকীয়ে দলৰ সৰ্বস্তৰৰ কৰ্মী তথা সংবাদ মাধ্যমৰ সহযোগিতাৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়,” আম আদমী পাৰ্টিয়ে সৰ্বমুঠ ২২ টা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি মাথোঁ পঞ্জাবৰ পৰা ৩ খন আসনত বিজয় সাব্যস্ত কৰিছে। কিন্তু শতাংশ হিচাপে আমাৰ ভোটৰ হাৰ বৃদ্ধি পাইছে। দিল্লীতো আপৰ ২০ শতাংশৰ পৰা ২৮ শতাংশলৈকে বৃদ্ধি পাইছে। গুজৰাট আৰু হাৰিয়ানাতো আমাৰ প্ৰাৰ্থী দুজনে অতি কম ব্যৱধানত পৰাজিত হৈছে। এই নিৰ্বাচনৰ ফলাফলে আমাৰ দলৰ নেতা- কৰ্মী সকলক নতুনকৈ শক্তি আহৰণৰ বাবে উৎসাহিত কৰিছে। ” দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই দলে প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰে। তদুপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ বাবেও দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ কাম-কাজ আৰম্ভ কৰিছে। ইতিমধ্যে আপৰ ৰাজ্যিক সমিতিয়ে ৰাজ্যজুৰি ব্যাপক সভ্য ভৰ্তি অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ” সংবাদমেলত দলৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা, মুখপাত্ৰ জাৰবম কুটুমো উপস্থিত থাকে ।