শোণিতপুৰৰ বুঢ়াচাপৰিত ৬,২০০ বিঘা বনভূমিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ
ৰঙিলী বাৰ্ত্তাসেৱা– শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত চলিল শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ বুঢ়াচাপৰি অভয়াৰণ্যৰ ঠেলামৰা ৰাজহ চক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰৰ ৮৩০ হেক্টৰ চৰকাৰী জৰীপবিহীন সংৰক্ষিত বনানীকৰণ বনাঞ্চলৰ ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ। আৰিমাৰী চৰ, গণেশটাপু চৰ, লাঠীমাৰী চৰ, বাটলি চৰ আদিকে ধৰি কেইবাটাও চৰত চলিল উচ্ছেদ অভিযান। দুদিনীয়া অভিযানত এই ভূমি উচ্ছেদ চলাই মুক্ত কৰিব প্ৰশাসনে ৷ শোণিতপুৰৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক উচ্ছেদস্থলীত উপস্থিত থাকি বুঢ়াচাপৰিত প্ৰথম দিনাৰ অভিযান সম্পূৰ্ণ কৰে ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় এই অভিযান ৷ বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত অভয়াৰণ্যখনত একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰি দীৰ্ঘদিনে কৃষিকৰ্ম কৰি আহিছিল ৷ বুলড’জাৰৰে ৭১০ টা সন্দেহজনক পৰিয়ালৰ গৃহ উচ্ছেদ কৰা হয় । বেদখলকাৰীসকলক যোৱা বছৰৰ ২৪ নৱেম্বৰত প্রশাসনে জাননী দিছিল যদিও খালী কৰা নাছিল চৰকাৰী ভূমি। ৭১০টা পৰিয়ালে ৬,২০০ বিঘা ভূমিত অবৈধভাৱে বেদখল কৰি আছিল। শোণিতপুৰ জিলা প্রশাসনে ১৮খন বুলড’জাৰ আৰু ৬০খন ট্রেক্টৰেৰে চলায় উচ্ছেদ। উচ্ছেদৰ মাজতেই আৰক্ষী আৰু সাংবাদিকলৈ ৰুদ্রমূর্তি ৰূপ ধাৰণ কৰে এটি বেদখলকাৰী পৰিয়ালে। পিছত আৰক্ষী-প্ৰশাসনৰ লোকে হস্তক্ষেপ কৰাত পৰিস্থিতি শান্ত হয়। এই চৰকাৰী জৰীপবিহীন ভূমিৰ চাৰিওফালে আৱৰি আছে বুঢ়াচাপৰি অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কোচমৰা সংৰক্ষিত বনাঞ্চলে। উল্লেখ্য যে দুবছৰ পূর্বে প্রশাসনে উচ্ছেদ অভিযান চলাই সংৰক্ষিত বন্যপ্রাণী অভয়াৰণ্য মুক্ত কৰিছিল। কিন্তু উচ্ছেদিত লোকসকলে পুনৰ সেই স্থানতে ছমাহ মান পিছতে প্ৰৱেশ কৰি কৃষিকৰ্ম কৰাৰ লগতে বসবাস কৰিবলৈ লয়। আৰিমৰা বন শিবিৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ পৰা একাংশ লোকে অবৈধভাবে বন বিভাগৰ ভূমি দেখল কৰে। পুৱা অবৈধভাৱে দখল কৰা একাংশ লোকে উক্ত স্থান এৰি দিবলৈ অনিচ্ছা প্রকাশ কৰি উচ্ছেদ অভিযানত বাধা দিয়াৰ চেষ্টা চলায়। আৰক্ষী-প্ৰশাসনৰ লোকক ফেঁপেৰি ধৰি তৰ্কত লিপ্ত হয় আনকি সংবাদ মাধ্যমৰ লোককো লক্ষ্য কৰি লয় যদিও প্রশাসনৰ বুজনিত পাছত আঁতৰি যায়। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু ৰাজহ চক্র বিষয়া মাধুর্য বুঢ়াগোহাঁয়ে উপস্থিত থাকি উচ্ছেদ অভিযানৰ তদাৰক কৰে।
