শোকবাৰ্তা

শোকবাৰ্তা

শিক্ষক বিতুল কুমাৰ হাতীবৰুৱাৰ দেহাৱসান 
লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ১ নং ডিজু পথাৰ গাঁৱৰ নিৱাসী শিক্ষক বিতুল কুমাৰ হাতী বৰুৱাৰ আজি ৩০/০৪/২০২৫ ৰ পুৱতি নিশা ৩-৩০ মিনিটত  দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ।তেখেতৰ মৃত্যুত সমগ্ৰ ৰঙানদী অঞ্চলত শোকৰ ছাঁ পৰিছে। অতি পৰিতাপৰ বিষয় ১৯৯৬ চনতে স্থাপন হোৱা  ডিজু চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশিকীকৰণ নহ’ল।আজি প্ৰায় পাঁচ মাহ ধৰি তেখেত  এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ GMCH  ত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত ১৬/০৪/২০২৫ তাৰিখে ঘৰলৈ লৈ অহা হৈছিল। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত ডিজু চাহ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৭৫ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।  তাৰে ১১ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক  আৰু ১১৪ জন শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছে।বিজ্ঞান ৪৭ গৰাকী অংক ৭ গৰাকী অসমীয়া ১১ গৰাকী সমাজ বিজ্ঞান ১৮ গৰাকী ভূগোল ২ গৰাকী ইংৰাজী ২ গৰাকী হিন্দী বিষয়ত ২ গৰাকী  শিক্ষাৰ্থীয়ে  লেটাৰ মাৰ্ক  পাবলৈ সক্ষম হৈছে।এনে এখন বিদ্যালয়ৰ শিক্ষক হৈ বিনা বেতনে উন্নত চিকিৎসাৰ অভাৱত শিক্ষকৰ মৃত্যু বৰ অসহনীয়।এই বিদ্যালয়খন চৰকাৰৰ দৃষ্টিগোচৰ হওক যাতে বিদ্যালয়খনত থকা বাকী বৰ্তমান মুঠ ১১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ এনে দুৰৱস্থা নহওক।এইয়া চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ।
বুলমণি বৰি, লখিমপুৰ