শোকবার্তা
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰাক্তন সংঘচালক বিৰিঞ্চিধৰ বুঢ়াগোহাঁইদেৱৰ যোৱা ৮ মাৰ্চৰ নিশা দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মৰিগাঁও মহাবিদ্যালয়ৰ দৰ্শনশাস্ত্ৰৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা বুঢ়াগোঁহাইদেৱ একেধাৰে শিক্ষাবিদ, সমাজ সংগঠক, সঙ্গীতজ্ঞ আৰু সুনিপুণ বেহেলাবাদকো আছিল। শ্ৰী বুঢ়াগোহাঁইদেৱৰ মৃত্যুত সমাজে এগৰাকী নিষ্ঠাৱান ৰাষ্ট্ৰবাদী কাৰ্যকৰ্তাক হেৰুৱালে। অসম আন্দোলনৰ সময়তো মধ্য অসমত অগ্রণী ভূমিকা পালন কৰা বুঢ়াগোহাঁইদেৱে প্ৰতিকূল পৰিস্থিতিৰ মাজতো হাজাৰ বাধা নেওচি ব্ৰহ্মপুত্ৰ উপত্যকাত সংঘ কাৰ্য উত্তৰণৰ বাবে কৰা অহোপুৰুষাৰ্থৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰো বুলি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে শোকবার্তাত উল্লোখ কৰে।
