শৈশৱৰ সমাধি আৰু আমাৰ বিবেকৰ মৃত্যুঃ এক সামাজিক দস্তাবেজ
জ্ঞানজ্যোতি নাথ
ৰাজাপুখুৰী (হিৰাবাৰী)
প্রস্তাৱনা:-
“ফুলপাহ ফুলিবলৈ নিদিয়াকৈয়ে যদি গছৰ পৰা ছিঙি পেলোৱা হয়,
তেন্তে বাগিচাখনৰ অস্তিত্ব ক’ত? ঠিক তেনেদৰেই,
যিখন সমাজে কনমানি শিশুটিৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে,
সেই সমাজৰ সভ্যতাৰ বৰ্ণনা দিয়াটো এক বিৰাট প্রহসন মাথোঁ।”
পুৱাৰ সূৰ্যৰ দৰে পৱিত্ৰ আৰু বতাহৰ দৰে মুক্ত হ’ব লাগিছিল শৈশৱ। এটি শিশুৰ হাঁহিত লুকাই থাকে ভৱিষ্যতৰ পৃথিৱীখনৰ আটাইতকৈ ৰঙীন সপোন। কিন্তু আজিৰ সময়ৰ বাতৰি কাকতৰ প্ৰতিটো পৃষ্ঠাত, নিউজ চেনেলৰ ‘ব্রেকিং নিউজ’ৰ ধামখুমীয়াত আৰু ছ’চিয়েল মিডিয়াৰ টাইমলাইনত সঘনাই ভাঁহি আহে একোটা হৃদয় কঁপোৱা সংবাদ- যিয়ে আমাৰ ‘মানুহ’ হোৱাৰ গৌৰৱক ধূলিসাৎ কৰি পেলায়। শিশু নির্যাতন আৰু ধর্ষণ – এই শব্দকেইটা কেৱল আইনী ধাৰা বা পুলিচৰ এজাহাৰৰ বিষয় নহয়; ই আমাৰ সামাজিক পতনৰ এক জীৱন্ত দলিল। যেতিয়া তিনি বছৰীয়া কনমানি এজনী বা স্কুললৈ যোৱা কিশোৰী এজনী মানুহৰূপী পিশাচৰ কামুক চিকাৰ হয়, বা এগৰাকী যুৱতীয়ে নিজৰ সম্ভ্রম আৰু কেতিয়াবা প্ৰাণ হেৰুৱায়, তেতিয়া কেৱল সেই নাৰীগৰাকীৰ ওপৰতেই অত্যাচাৰ নহয়, বৰং সমগ্ৰ মানৱতাৰ আত্মাত আঘাট লাগে, সমগ্র মানৱতাৰ ওপৰত এক ক’লা দাগ পৰে।
আজিৰ এই একবিংশ শতিকাত আমি মঙল গ্ৰহত বসতি স্থাপনৰ কথা ভাবিছোঁ, কৃত্রিম বুদ্ধিমত্তা বা ‘AI’-ৰ জৰিয়তে পৃথিৱী সলনি কৰাৰ কথা কৈছোঁ, কিন্তু আমাৰ সমাজৰ বাস্তৱ ছবিখন ইমানেই ভয়ানক যে নিজৰ ঘৰৰ ভিতৰতো এটি কন্যা শিশু সুৰক্ষিত নহয়। এনে এক নির্লিপ্ত সামাজিক পৰিৱেশত, এই প্ৰবন্ধৰ জৰিয়তে আমি কেৱল আৱেগৰ চকুৰে নহয়, বৰং যুক্তি আৰু বিবেকৰ চকুৰে এই ভয়াৱহ ব্যাধিৰ স্বৰূপ, ইয়াৰ মনস্তাত্বিক কাৰণ, সমাজৰ ভূমিকা আৰু প্ৰতিকাৰৰ পথ সন্ধান কৰিবলৈ প্ৰয়াস কৰিম।
পৰিসংখ্যাৰ আৰত লুকাই থকা বৰ্বৰতা আৰু আধুনিকতাৰ প্ৰশ্ন:- পৰিসংখ্যা সদায় নিৰস হয়, কিন্তু ধৰ্ষণ আৰু শিশু নির্যাতনৰ পৰিসংখ্যাই তেজৰ কথা কয়। বর্তমান একবিংশ শতিকাৰ আধুনিক পৃথিৱীত আমি প্রযুক্তি আৰু বিজ্ঞানৰ জয়গান গাইছোঁ, কিন্তু আমাৰ মানসিকতা সঁচাকৈয়ে আধুনিক হৈছেনে? নে আমি আদিম যুগৰ বৰ্বৰতাতকৈও তললৈ নামি গৈছোঁ- এই প্রশ্নই আমাক গ্রাস কৰে। ভাৰতবৰ্ষৰ অপৰাধৰ খতিয়ান ৰখা সংস্থা ‘নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰো’ (NCRB)-ৰ শেহতীয়া প্রতিবেদনসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে দেশত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ হাৰ জ্যামিতিক হাৰত উর্ধমুখী হৈছে। ২০২৪-২৫ বৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিবেদনৰ তথ্যই আমাৰ চকু কপালত তুলিবলৈ যথেষ্ট; ভাৰতবৰ্ষত প্ৰতিদিনে গড়ে শ-শ ধর্ষণ আৰু শিশু নিৰ্যাতনৰ গোচৰ পঞ্জীভুক্ত হয়। ইয়াৰ ভিতৰত এক বৃহৎ অংশই হ’ল নাবালিকা বা শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ। অসম তথা উত্তৰ-পূর্বাঞ্চলতো এই গ্রাফ ক্রমান্বয়ে উর্ধমুখী হৈ এক গভীৰ সামাজিক সংকটৰ ইংগিত দিছে।
ইয়াতকৈও আচৰিত আৰু দুখলগা তথ্যটো হ’ল- এই অপৰাধবোৰৰ ৯০ শতাংশতকৈও অধিক ক্ষেত্ৰত অপৰাধীজন অচিনাকি ব্যক্তি নহয়। ভয়াৱহ কথাটো হ’ল- পৰিয়ালৰ সদস্য, ওচৰ-চুবুৰীয়া, শিক্ষক বা আত্মীয়ৰ ৰূপত লুকাই থকা এই ‘মানুহৰূপী পিশাচ’ বোৰেই যেতিয়া বিশ্বাসৰ সুযোগ লৈ ফুলি অহা কলি এটি মোহাৰি পেলায়, তেতিয়া শিশুটিৰ বাবে পৃথিৱীখন এক আতংকৰ গুহালৈ পৰিৱৰ্তিত হয়। আমি যেতিয়া ল’ৰা-ছোৱালীক শিকাওঁ যে “অচিনাকি মানুহৰ পৰা সাৱধানে থাকিবা”, সেই সময়ত বাস্তৱে আমাক ভেকাহি মাৰি কয় যে ঘৰৰ চিনাকি মানুহজনেই আচলতে ছদ্মবেশী চিকাৰী।
একালত যিখন অসমত নাৰীক সন্মানৰ চকুৰে চোৱা হৈছিল, শংকৰ-মাধৱৰ দেশ বুলি গৌৰৱ কৰা হৈছিল, সেইখন অসমতে আজি ফাইভ-ষ্টাৰ হোটেলৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ নিজানলৈকে সকলোতে নাৰীৰ সুৰক্ষা এক প্রশ্নবোধক চিহ্ন হৈ পৰিছে। ‘বেটি বচাও, বেটি পড়াও’ শ্লোগানটো তেতিয়া কেৱল দেৱালৰ লিখন হৈ ৰয়, যেতিয়া আমি দেখোঁ যে ঘৰৰ ভিতৰতো আমাৰ কনমানিজনী সুৰক্ষিত নহয়। এই পৰিসংখ্যাবোৰ কেৱল সংখ্যা নহয়, প্রতিটো সংখ্যাৰ আৰত আছে একোটা ধ্বংস হৈ যোৱা জীৱন, একোটা পৰিয়ালৰ হাহাকাৰ আৰু এখন সমাজৰ নির্লজ্জ মৌনতা।
মনস্তাত্বিক প্ৰভাৱ: শৰীৰৰ ঘা শুকায়, কিন্তু মনৰ? যৌন নির্যাতন বা ধর্ষণক আমি সাধাৰণতে কেৱল শাৰীৰিক আঘাত বুলি ভাবো। কিন্তু প্রকৃততে ই শিশুটিৰ মনত যি গভীৰ আৰু স্থায়ী ক্ষত সৃষ্টি কৰে, সেয়া বৰ্ণনা কৰিব নোৱাৰি; ই শৰীৰৰ ওপৰত হোৱা আক্ৰমণ নহয়, ই হ’ল আত্মাৰ হত্যা। এগৰাকী নাবালিকা বা কিশোৰীৰ বাবে এই অভিজ্ঞতাটো এক আজীৱন ‘ট্রমা’ বা মানসিক আঘাত হৈ ৰয়। চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞানৰ ভাষাত ইয়াক যি ‘ট্রমা’ বুলি কোৱা হয়, সেই ট্ৰমাই এটি শিশুৰ স্বাভাৱিক জীৱনৰ বিশ্বাসৰ ভেটি উচন কৰি পেলায়।
চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞানৰ ভাষাত এই ট্রমাই এটা স্বাভাৱিক জীৱনক কেনেকৈ তিল তিলকৈ ধ্বংস কৰে, তাৰ কিছুমান সূক্ষ্ম দিশ তলত দাঙি ধৰা হ’ল:
১. বিশ্বাসৰ ভেটি উচন আৰু মানসিক পঙ্গুত্ব: এটি শিশুৰ পৃথিৱীখন বিশ্বাসৰ ওপৰত তিষ্ঠি থাকে। দেউতাক, খুড়াক, মোমায়েক বা ওচৰৰ দাদাজন- এই সকলোবোৰ তেওঁলোকৰ বাবে নিৰাপত্তাৰ প্ৰতীক। কিন্তু যেতিয়া সেই ‘বিশ্বাসী’ মানুহজনেই তেওঁলোকৰ শৰীৰক লৈ খেলিবলৈ আৰম্ভ কৰে, তেতিয়া শিশুটিৰ মনৰ পৰা ‘বিশ্বাস’ নামৰ শব্দটো চিৰদিনৰ বাবে মচি যায়। সিহঁতে বুজি নাপায়- এইটো মৰম নে অত্যাচাৰ? এই দোদুল্যমান অৱস্থাই তেওঁলোকক মানসিকভাৱে পঙ্গু কৰি পেলায় আৰু পুৰুষ সমাজ বা অচিনাকি মানুহৰ প্ৰতি এক তীব্র ভীতিগ্রস্ততাৰ সৃষ্টি হয়। স্কুললৈ যোৱা, খেল-ধেমালি কৰা বা মুকলি মনেৰে কথা পতাৰ স্বাভাৱিক প্রক্রিয়াটো ত্রাসত স্তব্ধ হৈ পৰে।
২. লজ্জা, আত্মগ্লানি আৰু আত্মবিশ্বাসৰ মৃত্যু: দুর্ভাগ্যজনকভাৱে, আমাৰ সমাজত ধৰ্ষণ বা যৌন নির্যাতনক অপৰাধ বুলি গণ্য কৰাতকৈ বেছি ‘লজ্জা’ বা ‘সম্মান’ৰ বিষয় বুলি গণ্য কৰা হয়। এই সমাজ ব্যৱস্থাই বহু সময়ত অপৰাধীক ঘৃণা কৰাৰ পৰিৱৰ্তে ভুক্তভোগীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তোলে, যিয়ে তেওঁলোকক তিল তিলকৈ মানসিক মৃত্যুৰ ফালে ঠেলি দিয়ে। নির্যাতিতা শিশুটি বা কিশোৰীগৰাকীয়ে নিজকে দোষী বুলি ভাবিবলৈ আৰম্ভ কৰে। “মই বেয়া ছোৱালী”, “মোৰ বাবে মা-দেউতাৰ সন্মান গ’ল” – এনেধৰণৰ চিন্তাই তেওঁলোকক গ্রাস কৰে। এই আত্মগ্লানিয়ে আত্মবিশ্বাসক নিঃশেষ কৰি দিয়ে।
৩. ভৱিষ্যতৰ অন্ধকাৰ আৰু স্মৃতিৰ দহন: শৈশৱত যৌন নিৰ্যাতনৰ বলি হোৱা বহুতো কিশোৰ-কিশোৰীয়ে ডাঙৰ হৈ স্বাভাৱিক বৈবাহিক জীৱন যাপন কৰিবলৈ ভয় কৰে। পুৰুষৰ প্ৰতি ঘৃণা বা ভয়, স্পৰ্শৰ প্ৰতি ভীতিগ্রস্ততা আৰু তীব্র হতাশা এইবোৰ তেওঁলোকৰ আজীৱন সংগী হৈ পৰে। বহুক্ষেত্রত এই মানসিক চাপ সহ্য কৰিব নোৱাৰি ভুক্তভোগীয়ে আত্মহননৰ দৰে চৰম পথ বাছি লোৱাও দেখা যায়। শৈশৱৰ সেই ৰঙীন সপোনবোৰ নিমিষতে ছাই হৈ যায়। অর্থাৎ, ধৰ্ষণকাৰীয়ে কেৱল এবাৰ হত্যা কৰে, কিন্তু সমাজে আৰু স্মৃতিয়ে তেওঁক প্রতিদিনেই হত্যা কৰে।
সমাজৰ মৰ্চা আৰু অপৰাধীৰ মনস্তত্ত্ব: বৰ্বৰতাৰ শিপা ক’ত? প্রশ্ন হয় এই অপৰাধবোৰৰ বাবে কেৱল ধৰ্ষণকাৰীজনকেই জগৰীয়া নেকি? নে আমাৰ সমাজ ব্যৱস্থাও সমানেই দায়ী? আমি প্ৰায়ে ধৰ্ষণকাৰীক ‘পশু’ বুলি গালি দিওঁ। কিন্তু পশুক অপমান কৰা অনুচিত, কাৰণ প্ৰকৃতিৰ কোনো পশুবোৰেই নিজৰ প্ৰজাতিৰ নাবালিকা বা শিশুক ধর্ষণ নকৰে। এইটো কেৱল ‘মানুহ’ নামৰ প্ৰজাতিটোৰ মাজত থকা এক বিকৃত মানসিকতা। এই বৰ্বৰতাৰ শিপা ক’ৰ পৰা আহে, তাক সূক্ষ্মভাৱে বিশ্লেষণ কৰাটো প্রয়োজন।
এই বৰ্বৰতাৰ শিপা ক’ৰ পৰা আহে- এই সত্য উন্মোচন কৰিবলৈ আমি তলত কিছুমান মূল শিপাৰ বিশ্লেষণ দাঙি ধৰিলোঁ :
১. পুৰুষতান্ত্রিক অহংবোধ, ক্ষমতা আৰু ভোগৰ সামগ্ৰী: আমাৰ সমাজৰ গঠনটোৱেই এনেকুৱা যে ইয়াত নাৰীক বহু সময়ত ‘মানুহ’তকৈ বেছি ‘সম্পদ’ বা ‘ভোগৰ সামগ্ৰী’ হিচাপে চোৱা হয়, যিটো এনে অপৰাধৰ মূল শিপা। এজন ধৰ্ষণকাৰীৰ মনস্তত্ত্ব বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁৰ মূল উদ্দেশ্য কেৱল যৌন তৃপ্তি নহয়, বৰং ‘ক্ষমতা প্রদর্শন’। শিশু বা নাবালিকা হ’ল দুর্বল, তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে, চিঞৰিব নোৱাৰে সেয়েহে কাপুৰুষ অপৰাধীয়ে তেওঁলোকক লক্ষ্য কৰি লয়।
২. ডিজিটেল প্ৰদূষণ আৰু নৈতিক শিক্ষাৰ অভাৱ: ইণ্টাৰনেট ডাটা পানীৰ দৰে সস্তা হোৱাৰ বাবে কম বয়সীয়া ল’ৰা বা যুৱকৰ হাতত সহজেই উপলব্ধ হোৱা বিকৃত ‘পর্ণগ্রাফী’, ‘হিংসাত্মক যৌনতা’ৰ ভিডিঅ’সমূহে তেওঁলোকৰ মগজু ধুই পেলাইছে। বাস্তৱ জীৱন আৰু পৰ্দাৰ জীৱনৰ মাজৰ পাৰ্থক্য বুজি নোপোৱা একাংশই নিজৰ যৌন আকলুৱা চৰিতাৰ্থ কৰিবলৈ শিশুক ব্যৱহাৰ কৰে। নৈতিক শিক্ষাৰ অভাৱত গঢ় লৈ উঠা এই মানসিকতাই আজিৰ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে আৰু ই এক ডিজিটেল মহামাৰীৰ ৰূপ লৈছে।
৩. সামাজিক নির্লিপ্ততা আৰু চকু মুদি থকাৰ সংস্কৃতি: আমাৰ সমাজত প্রথমতে আছে ‘চকু মুদি থকাৰ সংস্কৃতি’। আমি যেতিয়ালৈকে ঘটনাটো নিজৰ ঘৰত নঘটে, তেতিয়ালৈকে আমি নির্লিপ্ত হৈ থাকোঁ। অপৰাধীয়ে জানে যে আমাৰ সমাজখন ‘বোবা’। “লগৰ ঘৰত জুই লাগিলে মোৰ কি?”- এই মানসিকতাই অপৰাধীক সাহস দিয়ে। যেতিয়া আমি দেখোঁ যে ক্ষমতাশালী লোকে টকাৰে ধৰ্ষণৰ গোচৰ গাপ দিছে, আমি মনে মনে থাকোঁ। আমাৰ এই মৌনতাই অপৰাধীৰ আটাইতকৈ ডাঙৰ অস্ত্র।
৪. ‘ভিক্টিম ব্লেমিং’ আৰু সমাজৰ মুখিয়ালৰ ভণ্ডামি: অসমীয়া সমাজত এষাৰ কথা আছে- “ৰাইজে নখ জোকাৰিলে নৈ বয়।” কিন্তু ধৰ্ষণৰ ক্ষেত্ৰত এই কথাষাৰ ওলোটা হৈ পৰে। ইয়াত ৰাইজে ভুক্তভোগীকহে দোষাৰোপ কৰি নৈ বোৱাই দিয়ে। এই ‘ভিক্টিম ব্লেমিং’ সংস্কৃতিয়ে ভুক্তভোগীক পুনৰবাৰ ধৰ্ষণ কৰে, এইবাৰ মানসিকভাৱে। এগৰাকী কিশোৰী ধর্ষিতা হ’লে প্রশ্ন উঠে- “তাইৰ কাপোৰটো কেনেকুৱা আছিল?”, “ইমান ৰাতিলৈকে কিয় বাহিৰত আছিল?”- এনেধৰণৰ মন্তব্যই অপৰাধীক উৎসাহিত কৰে। যিদিনাই সমাজখনে ছোৱালীৰ পোছাকৰ ওপৰত চকু দিয়াৰ পৰিৱৰ্তে ল’ৰাৰ মানসিকতাৰ ওপৰত গুৰুত্ব দিব, সেইদিনাহে সমাজখন সলনি হ’ব। তদুপৰি, বহু সময়ত দেখা যায় যে সমাজৰ মুখিয়াল বা পঞ্চায়তৰ নামত কিছুমান লোকে ধৰ্ষণৰ দৰে জঘন্য অপৰাধক কেৱল কিছু টকাৰ ক্ষতিপূৰণ বা ‘মিট-মাট’ৰ জৰিয়তে গাপ দিব বিচাৰে। এটি শিশুৰ সমগ্ৰ জীৱন ধ্বংস কৰি দিয়াৰ বিনিময়ত কিছু টকা যাচি দিয়াটো সমাজৰ বাবে চৰম লজ্জাজনক। ধর্ষণ কোনো সম্পত্তিৰ বিবাদ নহয় যে ইয়াক আলোচনাৰে সমাধান কৰিব পাৰি; ই এক ফৌজদাৰী অপৰাধ আৰু ইয়াৰ বিচাৰ কেৱল আদালতেহে কৰিব পাৰে।
আইনী ব্যৱস্থা আৰু বাস্তৱতা:- ভাৰতবৰ্ষত আইনৰ অভাৱ নাই। ২০১২ চনত প্রণয়ন হোৱা ‘POCSO Act (Protection of Children from Sexual Offences Act)’ এখন অতি শক্তিশালী আইন। এই আইনৰ অধীনত শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ বাবে কঠোৰতম শাস্তি, আনকি মৃত্যুদণ্ডৰো বিধান আছে। কিন্তু প্রশ্ন হয়- আইনৰ এই কঠোৰতা থকাৰ পিছতো অপৰাধীয়ে কিয় ভয় নকৰে? আইন থাকিও অপৰাধ কমিছেনে?
উত্তৰটো স্পষ্টভাৱে ‘না’। ইয়াৰ মূল কাৰণ হ’ল আইন প্ৰয়োগৰ শিথিলতা আৰু বিচাৰ প্ৰক্ৰিয়াৰ লেহেমীয়া গতি।
১. পলমকৈ পোৱা ন্যায় আৰু অপৰাধীৰ সাহস: আমাৰ আদালতত হাজাৰ হাজাৰ গোচৰ জমা হৈ আছে। এটা ধৰ্ষণৰ গোচৰৰ চূড়ান্ত ৰায় ওলাবলৈ কেতিয়াবা ৫-১০ বছৰ বা ততোধিক সময় লাগে। এই দীঘলীয়া সময়ছোৱাত ভুক্তভোগী পৰিয়ালটো মানসিক আৰু আর্থিকভাৱে ভাগি পৰে, সাক্ষীৰ স্মৃতিশক্তি কমে বা তেওঁলোকক ভয় দেখুৱাই কিনি লোৱা হয়। “Justice delayed is justice denied” – পলমকৈ পোৱা ন্যায়, ন্যায় নপোৱাৰেই নামান্তৰ। যেতিয়া অপৰাধীয়ে জামিনত মুক্ত হৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰে আৰু ভুক্তভোগী পৰিয়ালে আদালতৰ দুৱাৰে দুৱাৰে চকুলো টুকি ফুৰিবলগীয়া হয়, তেতিয়া আইনৰ প্ৰতি মানুহৰ আস্থা কমি যায়। দ্রুত বিচাৰ প্ৰক্ৰিয়া (Fast Track Court) আৰু নিশ্চিত শাস্তিৰ ব্যৱস্থাইহে অপৰাধীৰ মনত ভয়ৰ সৃষ্টি কৰিব পাৰে।
২. পুলিচৰ ভূমিকা আৰু কাৰিকৰী গাফিলতি: বহুক্ষেত্ৰত এজাহাৰ ল’বলৈ পুলিচে পলম কৰা বা তদন্তত গাফিলতি কৰাৰ অভিযোগ উঠে। ফৰেনছিক লেবৰ অভাৱ, ডি.এন.এ ৰিপৰ্টৰ পলম- এই কাৰিকৰী সমস্যাবোৰেও অপৰাধীক বাচি যোৱাৰ সুৰুঙা উলিয়াই দিয়ে। যি সময়ত সময়ৰ প্ৰতিটো ছেকেণ্ড অতি মূল্যবান, সেই সময়ত প্রশাসনীয় লেহেমীয়া গতিয়ে ন্যায়ৰ দুৱাৰ বন্ধ কৰি দিয়ে।
৩. সাক্ষীৰ সুৰক্ষাৰ অভাৱ: আমাৰ দেশত সাক্ষীৰ সুৰক্ষাৰ কোনো সুনির্দিষ্ট ব্যৱস্থা নাই। যাৰ ফলত ক্ষমতাশালী অপৰাধীৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ মানুহ ভয় কৰে। এই ভয়ৰ পৰিৱেশে ন্যায়ালয়ক সত্য প্ৰতিষ্ঠা কৰাত বাধা দিয়ে, আৰু ফলস্বৰূপে কঠোৰ আইন থকা সত্ত্বেও অপৰাধীয়ে শাস্তি নোপোৱাৰ সুবিধা লয়।
প্ৰতিকাৰৰ পথ: অন্ধকাৰ ফালি পোহৰলৈ:- সমস্যা যিমানেই গভীৰ নহওক, সমাধানৰ পথ সদায় থাকে। নাবালিকা ধর্ষণ আৰু শিশু নির্যাতন ৰোধ কৰিবলৈ আমি কেৱল আইন বা চৰকাৰৰ মুখলৈ চাই থাকিলে নহ’ব। ই এক সামাজিক যুদ্ধ আৰু ইয়াত আমি সকলোৱে সৈনিক হ’ব লাগিব। এই সমস্যাৰ সমাধান কেৱল পুলিচৰ হাতত নাই; ইয়াৰ বাবে প্ৰয়োজন এক সর্বাংগীন সামাজিক আন্দোলনৰ।
পৰিবৰ্তনৰ এই যাত্ৰা ঘৰৰ পৰা আৰম্ভ হৈ সমাজলৈ বিয়পি যাব লাগিব, যাৰ বাবে তলত কিছুমান মূল দায়িত্বৰ দিশ দাঙি ধৰা হ’ল:
১. নৈতিক আৰু যৌন শিক্ষাৰ জৰিয়তে সাংস্কৃতিক বিপ্লৱ: পৰিবৰ্তনৰ আৰম্ভণি নিজৰ ড্রয়িং ৰুমৰ পৰা হ’ব লাগিব। বিদ্যালয় স্তৰৰ পৰাই শিশুসকলক, বিশেষকৈ ল’ৰা সন্তানক নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ শিক্ষা দিব লাগিব। আমি আমাৰ পুত্ৰ সন্তানক কেনেকৈ ডাঙৰ কৰিছোঁ? তেওঁক নাৰীক সন্মান কৰিবলৈ শিকাইছোঁ নে? “ল’ৰা মানুহ, অলপ ইফালে-সিফালে কৰিবই”- এই মানসিকতা পৰিহাৰ কৰিব লাগিব। পুত্ৰক শিকাব লাগিব যে “না” মানে “না”।
লগতে, আমাৰ সমাজত ‘যৌন শিক্ষা’ শব্দটো শুনিলেই মানুহে নাক কোঁচায়। কিন্তু ই অত্যন্ত জৰুৰী। বিদ্যালয়ত বা ঘৰত শিশুসকলক ‘ভাল স্পর্শ’ (Good Touch) আৰু ‘বেয়া স্পর্শ’ (Bad Touch)-ৰ বিষয়ে মুকলিকৈ শিকাব লাগিব। যাতে কোনোবাই তেওঁলোকৰ শৰীৰত অশালীনভাৱে স্পৰ্শ কৰিলে তেওঁলোকে লগে লগে বুজি পায় আৰু প্রতিবাদ কৰিব পাৰে বা মাক-দেউতাকক জনাব পাৰে।
২. পৰিয়ালৰ সজাগতা আৰু মুক্ত যোগাযোগ: অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীৰ সৈতে বন্ধুৰ দৰে আচৰণ কৰা উচিত। ল’ৰা-ছোৱালীয়ে যাতে যিকোনো ভয় বা সমস্যা নির্ভয়ে মাক-দেউতাকক ক’ব পাৰে, তেনে পৰিৱেশ গঢ়িব লাগিব। যদি শিশুটিয়ে হঠাৎ অৱসাদগ্ৰস্ত হৈ পৰে, স্কুললৈ যাবলৈ ভয় কৰে বা আচৰণত অস্বাভাৱিক পৰিৱৰ্তন দেখা যায়, তেন্তে লগে লগে কাৰণ অনুসন্ধান কৰিব লাগিব।
৩. ডিজিটেল নিৰীক্ষণ আৰু চাইবাৰ নিৰাপত্তা: সন্তানৰ হাতত স্মার্টফোন তুলি দিয়াৰ লগে লগে তেওঁলোকৰ ডিজিটেল জগতখনৰ ওপৰত নজৰ ৰখাটো অভিভাৱকৰ দায়িত্ব। ‘পেৰেন্টেল কন্ট্রল’ (Parental Control) ব্যৱহাৰ কৰা, তেওঁলোকে কি চাই আছে বা কাৰ লগত সম্পৰ্ক ৰাখিছে, সেই বিষয়ে অভিভাৱক সচেতন হোৱা উচিত। ‘চাইবাৰ অপৰাধ’ আৰু অনলাইনৰ জৰিয়তে হোৱা শিশু নির্যাতন আজিৰ দিনত এক নতুন আৰু গভীৰ ভাবুকি।
৪. সামাজিক বৰ্জন আৰু আইনী যুঁজত সহযোগিতা: ধৰ্ষণকাৰী বা নির্যাতনকাৰীক সমাজত আশ্রয় দিয়া বা ৰাজনৈতিক সুৰক্ষা দিয়া বন্ধ কৰিব লাগিব। অপৰাধীক অপৰাধী হিচাপেই গণ্য কৰিব লাগিব, কাৰোবাৰ আত্মীয় বা ক্ষমতাশালী ব্যক্তি হিচাপে নহয়। ধৰ্ষণকাৰীক কোনো ধৰণৰ সামাজিক মর্যাদা বা স্থান দিয়া উচিত নহয়। লাগিলে তেওঁ যিমানেই ধনী বা ক্ষমতাশালী নহওক, তেওঁক সমাজৰ পৰা বৰ্জন কৰিব লাগিব। ভুক্তভোগী পৰিয়ালক সহানুভুতি নহয়, সহযোগিতা আগবঢ়াব লাগিব। আইনী যুঁজত সমাজখনে পৰিয়ালটোৰ পিছত থিয় দিলে অপৰাধীৰ সাহস ভংগ হ’ব।
৫. সংবাদ মাধ্যম আৰু সাহিত্যৰ নৈতিক ভূমিকা: আলোচনী আৰু সংবাদ মাধ্যমৰ এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেৱল ধৰ্ষণৰ বৰ্ণনা দি বাতৰি পৰিৱেশন কৰলেই দায়িত্ব শেষ নহয়। সংবাদ মাধ্যমে বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিব লাগিব, যাতে পুলিচ বা প্রশাসন শুই নাথাকে। সাহিত্যিক আৰু লেখকসকলেও নিজৰ কামৰ দ্বাৰা সমাজৰ বিবেক জগাই তুলিব লাগিব। আমি এনে সাহিত্য সৃষ্টি কৰিব লাগিব যিয়ে নাৰীক ‘ভোগ্য’ নহয় ‘পূজ্য’ আৰু ‘সমকক্ষ’ বুলি প্রতিষ্ঠা কৰে।
উপসংহাৰ: আমাৰ সংকল্প:- অসমীয়া সমাজত এষাৰ চিৰন্তন কথা আছে- “ৰাইজে নখ জোকাৰিলে নৈ বয়।” অর্থাৎ, আমি সকলোৱে মিলি একত্রিত হ’লে যিকোনো পৰিৱৰ্তন সম্ভৱ। ধৰ্ষণ আৰু শিশু নিৰ্যাতনৰ দৰে ব্যাধিক সমাজৰ পৰা উৎখাত কৰিবলৈ আমি প্রত্যেকেই এজন প্ৰহৰী হ’ব লাগিব।
অসমীয়া জাতিৰ পৰিচয় কেৱল বিহু বা গামোচাত নাই; ই আছে আমাৰ চৰিত্ৰ আৰু মূল্যবোধত। যিখন দেশত কনমানি ছোৱালী এজনীক ‘কুমাৰী’ ৰূপত দেৱী বুলি পূজা কৰা হয়, সেইখন দেশতেই সেই একেজনী ছোৱালীক অন্ধকাৰত ধৰ্ষণ কৰা হয়- এই ভণ্ডামিৰ মুখা খুলিবৰ হ’ল। নাৰীক দেৱী বুলি পূজা কৰা সমাজখনে নাৰীক ‘মানুহ’ বুলি জীয়াই থকাৰ অধিকাৰখিনি দিলেই হয়তো দেৱী পূজাৰ সাৰ্থকতা হ’ব।
নাবালিকা ধৰ্ষণ আৰু শিশু নির্যাতন কেৱল এটা ‘মহিলাৰ সমস্যা’ নহয়, ই ‘পুৰুষৰ সমস্যা’ – কাৰণ অপৰাধবোৰ বেছিভাগ পুৰুষেই কৰে। গতিকে ইয়াৰ সমাধানৰ বাবে পুৰুষ সমাজেই আগভাগ ল’ব লাগিব।
আহক, আমি এখন এনে সমাজ গঢ়াৰ সংকল্প লওঁ, য’ত ৰাতি বাৰ বজাতো এগৰাকী কিশোৰী বা যুৱতীয়ে নির্ভয়ে খোজ কাঢ়িব পাৰে। য’ত কোনো মাকৰ বুকু শুদা নহয়, য’ত কোনো শিশুৰ শৈশৱ কামুকতাৰ জুইত দগ্ধ নহয়। য’ত মাক-দেউতাকে স্কুললৈ পঠিওৱা ছোৱালীজনীৰ সুৰক্ষাক লৈ চিন্তাত দিন কটাব নালাগে। য’ত পুৰুষৰ চকু কামুকতাৰে নহয়, সন্মানৰ দৃষ্টিৰে নাৰীৰ ওপৰত পৰে।
এই লেখা কেৱল শব্দৰ মালা বা সমাৱেশ নহয়, ই এক আহ্বান- আমাৰ সুপ্ত বিবেকক জগাই তুলিবলৈ। কাৰণ, আমাৰ মৌনতাই অপৰাধীক সাহস দিয়ে আৰু সেই সাহসক ভাঙি পেলোৱাৰ দায়িত্ব মোৰ, আপোনাৰ আৰু আমাৰ সকলোৰে। আহক, আমি সকলোৱে মিলি শপত লওঁ- আমাৰ চকুৰ সন্মুখত কোনো ফুলক আমি মৰহিবলৈ নিদিওঁ। প্রতিটো শিশুৰ শৈশৱক সুৰক্ষা দিয়াটো আমাৰ ধৰ্ম, আমাৰ কৰ্তব্য আৰু আমাৰ সভ্যতাৰ পৰীক্ষা। যদি আমি এই পৰীক্ষাত ফেইল কৰোঁ, তেন্তে ইতিহাসেও আমাক কেতিয়াও ক্ষমা নকৰিব। সাৰ পোৱাৰ সময় সমাগত।
কাৰণ, “সুৰক্ষিত শৈশৱেই হ’ল সুৰক্ষিত ভৱিষ্যত।”
