শৈশৱৰ পূজাৰ মাদকতা – প্ৰস্তুতি শৰ্মা

pc Dreamstime

শৈশৱৰ পূজাৰ মাদকতা

প্ৰস্তুতি শৰ্মা,
গোলাঘাট

শৰত মানেই পূজা।পূজা মানেই যেন শৰত ।সচাকৈয়ে শৰত যেতিয়া পৃথিৱীলৈ আহে শেৱালী ৰ সুবাস লৈ আমাৰ সকলোৰে মনবোৰ আনন্দেৰে ভৰি পৰে।।সৰু হৈ থাকোঁতে পূজা আহিলে মোৰ আনন্দৰ সীমা নাথাকে। বহুত দিনৰ আগৰ পৰাই পূজালৈ আগ্ৰহেৰে বাট চাওঁ। বিশেষ কৈ পূজাৰ নৱমী দিনালৈ ,সেই। দিনটোৱেই আছিল শৈশৱৰ পূজাৰ আটাইতকৈ ভাল লগা দিন।কাৰণ নৱমী দিনা আমাক কুমাৰী পূজা কৰিছিল। সেইদিনা আমাক চাদৰ মেখেলা পিন্ধাই দেৱীৰ দৰে সজাই দেৱীৰ আগত পূজা কৰিছিল আৰু বিভিন্ন বস্তু দিছিল। বিশেষ কৈ পূজাত আমাক দিয়া খাৰু মণিৰ টোপোলাটো পালেই একো নালাগিছিল। মই একেৰাহে কেইবা বছৰো পূজা কৰিছিলো।আৰু এতিয়া ডাঙৰ হলো। এতিয়া সেই সুখবোৰ নাই। মাথো‌ এতিয়া ডাঙৰ দায়িত্ব।জীৱনে সময়ৰ লগত ভাজ ল’লে।কাঢ়ি নিলে শৈশৱৰ আমেজবোৰ। বেলুন পেপাৰ মাতৰ মাজত দৌৰোতেই ১৮বছৰীয়া হ’লো, হেৰাই গল‌ সেই অভিমানবোৰ। পূজা আহিলে এতিয়াও মনত পৰে শৈশৱৰ আমেজবোৰলৈ।।