শেৱালি তই নাযাবি আঁতৰি
মুন শৰ্মা, লখিমপুৰ
শেৱালি তই নাযাবি আঁতৰি,
প্ৰতি সন্ধ্যাত তলসৰা হৈ তই,
মোৰ চোতালত উমলি থাক,
নিগাজি ঠিকনাত থিতাপি লৈ।
সময় যে সমাগত কিছুদিন মাত্ৰ বাকী!
শৰতে মাগিব মেলানি ঐ,
দুখৰ পিঞ্জৰাত বন্দী হম,
সন্ধ্যা বোৰ উৰুঙা হ’ব,
তই ও যে যাবি আঁতৰি ঐ,
হেৰুৱাব মন নাই তোক কাষতে ঐ,
প্ৰতি পল কাষত পোৱাৰ তীব্ৰ হাবিয়াস।