শেৱালিৰ আত্মকথা – মন্দিতা চেতিয়া গগৈ

শেৱালিৰ আত্মকথা

মন্দিতা চেতিয়া গগৈ,
ৰাজগড়, ডিব্ৰুগড়

মই শেৱালি,
শৰতৰ শেৱালি;
দেৱতাৰ শাপভ্ৰষ্টা যেন
কোনো দেৱদাসী।
নিশা ফুলি নিশাতেই সৰা
সুৰুজৰ প্ৰেম প্ৰত্যাশিতা
মই অভাগিনী,
শুনিবানে মোৰ
অশ্ৰুসিক্ত জীৱনৰ কাহিনী!!
তলসৰা শেৱালিক
সুকোমল হৃদয়ৰ
দুবৰিয়েহে মাথোঁ লৈ আকোঁৱালি।
শৰতৰ নিশাবোৰ
জলমল জোনাকৰ কোলাত
আৰু মায়াময় হয়,
তৰা,জোনৰ আলোকত
সাৰ পোৱা পৃথিৱীখন
মোৰ সুবাসত মগন হয়।
মৃদু বতাহে উৰুৱাই নিয়ে
আকলুৱা হৃদয়,
বিষাদ ভৰা জীৱনেও
হ’বলৈ বিচাৰে প্ৰেমময়।
নিশাৰ পৃথিৱীত
শুভ্ৰতাৰ আঁচল
গাত লওঁ মেৰিয়াই,
পুৱাৰ পৰশত
সৰি থকা মুকুতাৰ সতে
থৈ মোক কৰণিত ভৰাই ।