শেষ ৰাতি উজাগৰি – কামনা বৰুৱা কলিতা

শেষ ৰাতি উজাগৰি

কামনা বৰুৱা কলিতা

বাটকুৰী বাই অহা
এছাটি পছোৱাই
আঁকি গ’ল
দুচকুত
এজোলোকা ৰঙীন সপোন…
ৰংবোৰে
ঢাকি দিলে
কলুষ দুচকু
বাকি থৈ এপিয়লা
ভালপোৱা সোনাৰুবুলীৱা !!
পলাশে সিঁচি দিয়া
গুলপীয়া
লহ্পহীয়া…
প্ৰেমৰ ৰাগি লাগি
ৰঙা হ’ল মোৰ কলিজা …
দৃঢ়মনা মদাৰৰ আক’
সংকল্প অপাৰ…
হৃদয়ে হৃদয়ে
বোৱাব প্ৰেমৰ নৈ
জুই হৈ জ্বলাব আকাশ..!!
তেনেতে..
অভিমানী শিমলু জুপিৰ
ভাগিল ঘূমটি…
কমোৱা তুলা হৈ
বতাহতে মিলি- জুলি
ভালপোৱা এবুকু সাৱটি
নাচি-বাগি কটালে
ফাগুনৰ উজাগৰি শেষ ৰাতি..!!