‘শেষ’ শব্দটোতে শক্তি কেনেকৈ! – অনন্যা পূজাৰী

‘শেষ’ শব্দটোতে শক্তি কেনেকৈ!

অনন্যা পূজাৰী, বোকাখাত

শেষ নো কি? যাৰ উত্তৰ বৰ্তমানে কেতিয়াও দিব নোৱাৰো।শেষ হয়তো সেয়াই।শেষ হয়; আজি আৰম্ভণিহে বুলি ভৱা, পাইছোঁহে বুলি ভৱা বা পোৱা সকলোবোৰেই এদিন শেষ হয়।এফালৰ পৰা ভাৱিব পাৰি সকলোৰে বাবে সকলো শেষটো নহয়!ভাৱকচোন;জীৱনটোৰে যেতিয়া শেষ আছে বাকীবোৰ স্থায়ী বুলি ভৱাটো জানো সঁচা হ’ব!এতিয়া আহোঁ মূল কথাটোলৈ।হয়,ঋণাত্মক কথা আওঁৰাই দিয়াটো এটা লিখনিৰ কেতিয়াও মূল উদ্দেশ্য নহয়।বা ই যুক্তিসংগটো নহয়।জীৱনটোত আশা থাকে,হেঁপাহ থাকে।এইবোৰৰ কাৰণেই আমি জীয়াব পাৰিছোঁ;চাৰিওফালবোৰ সুন্দৰ দেখিছোঁ বা মৰমবোৰকে সামৰিও ৰাখিব পাৰিছোঁ।যিমান পাৰোঁ এইসমূহকে ধৰি ৰখাটোৱেইহে কাম্য।নহ’লে জানো ‘শেষ’ শব্দটোকে হাতৰ মুঠিত ৰাখি জীৱটোক উদ্‌যাপন কৰিব পাৰিম! কিন্তু থাকি যায়।’শেষ’ শব্দটোৰো কেতিয়াবা কোনোবা সময়ত প্ৰয়োজনীয়তাবোৰ থাকি যায়।আৱেগেৰে চালে হয়তো নাথাকে,বাস্তৱিক ৰূপত চালে কিন্তু থাকে।আনক বুজাবৰ বাবে নাথাকে কিন্তু নিজক বুজাবৰ বাবে থাকে।কথাবোৰেই যে এনেকুৱা।’শেষ’ শব্দটো শুনিবলৈ যদিও কঁপাই যোৱা বা ‘শেষ’ৰ লগত সহবাস কৰি জীৱনটো ৰখাই দিব নোৱাৰি কিন্তু হ’লেও ভালকৈ ভাৱিলে ইয়ো যেন এক শক্তিয়েই।শেষ নোহোৱাকৈ পূৰ্ণতাৰে ভৰা এছোৱা সময়ত যেনেকৈ জীৱনটো নিজৰ ধৰণে,নিজৰ বাবে সজাই ভাল লাগে;ঠিক অকণমান বেলেগকৈ হ’লেও শেষলৈকে আপেক্ষা কৰি ৰৈ যোৱা দুখেই বা সুখেই সকলোবোৰ বুকুত বান্ধিও জীৱাবলৈ শিকিব পাৰি বা ই প্ৰয়োজনীয়।কাৰণ একো নেহেৰুৱাকৈ খুব কম সংখ্যকহে আছে;যি সকলো দিশৰ পৰাই পূৰ্ণ।এদিনটো সকলো শেষ হ’বই বা সকলোৰে বাবেই শেষ বুলি হোৱাবোৰকো মানি ল’ব পাৰি।কথাবোৰক বা সময়বোৰক মৰমৰ মাজতেই যতি পেলাব পাৰি।কাষৰ সকলোৰে হাঁহি যেন লগা,নিজক দুখেৰে আৱৰি ৰখাবোৰকো অনায়াসে সামৰি ল’ব পাৰি।কি জানেনে? … হাঁহিবোৰেই হওক বা চকুলোৱেই হওক।সকলোৰে পৰিণতিটোটো শেষেই।মাত্ৰ পাৰ্থক্য এটাই যে ভৱাধৰণে যদি সকলো চলি যায় মোহেৰে ভৰা সকলোবোৰ খুব বেছিকৈ মায়াতে বান্ধিবলৈ মন যায়।বাকী নোহোৱা কথাবোৰহে ‘শেষ’লৈ যেন বাট চাব লগা হয়।শেষত এটাই কথা যে আমি যদি নিজৰ ভিতৰৰ পৰা দি যোৱাবোৰৰ বিনিময়ত আনৰ পৰা বা জীৱনটোৰ পৰা কৰা কিছু আশা বাদ দিব পৰাকৈ নিজকে মানসিকভাৱে কিছু সৱল কৰোঁ তেতিয়াই হয়তো ‘শেষ’লৈয়ো কিছু অপেক্ষাবোৰ কমিব।যিটো কাষৰসকলক মৰম যতনাইয়ো নিজক ভালে ৰখাৰ বাবে খুব বেছিকৈয়ে প্ৰয়োজনীয়।যিহেতু আনৰ লগতে নিজক ভালে ৰখাৰ দায়িত্বও সম্পূৰ্ণৰূপে আমাৰেই।