শেলাই
ইভা গন্ধীয়া ফুকন
ৰঙা মাটি কোনে চুব
আগ্ৰহৰ উজ্জ্বল দিন কোনে আওৰাব
পুৰণি মাটি ঘৰৰ পিৰালিটোত শেলাই ধৰিছে
নীৰৱে উচুপি উচুপি
নিগৰি অহা চকুপানীৰে সীৰলু বান্ধিছে
টাং টোং পাথৰ ভঙা শব্দ
ইটা বালি শিলে সজা ঘৰৰ
ডিজাইন কৰোঁতে কৰোঁতে
ধুনীয়া ধুনীয়া টাইলছ লগাওঁতে
কেঁচা মাটিৰ শেলাই ধৰা পিৰালি, চোতাল এলাগী হ’ল
শীত আহিলেও
ৰ’দ পুঁৱাবলৈ নবহে কোনো পিৰালিত
শেলাই ধৰা চোতালত বহি সাধু শুনিবলৈ,
জোন তৰাৰ খেলা চাবলৈ
কৰো সময়ে নোহোৱা হ’ল
শীত তাপ নিয়ন্ত্ৰিত কোঠাত
ৰিমট কণ্ট্ৰলত টিভিৰ পৰ্দাতহে চকু নিৱদ্ধ হ’ল
মানুহৰ মনবোৰ সংকিৰ্ণ হ’ল
তগৰ জোপা আগৰ ঠাইতে আছে
ফুলি বসন্ত অহাৰ জাননী দিবলে
বসন্ত আহিলেও শেলাই ধৰা পিৰালি চোতালত
ৰঙা মাটিৰ পৰশ নপৰে
খৰিকাজাঁইজোপা সন্ধ্যা সুগন্ধি বিলায় মৰহে
স্তব্ধতাত থিয় দি থাকে চোতালৰ শেৱালি
ফৰিং ফুটা জোনাকেও ইতিকিং কৰে
নিজৰ ছাঁ গৰকি জোনটো আঁতৰি যায়
চকুৰ গভীৰতাত আনে বিচাৰি নোপোৱা ক’ৰবাত
অপেক্ষাৰ বলিচৰত শেলাই চামনি পৰি ৰয় ।।