শূন্য স্বপ্ন
এটা কেঁচে ৰাতিপুৱা
দুষ্ট বতাহৰ মেৰপাকত
এখিলা অচিন পাত
হাঁহাকাৰ কৰিও নুমাব পৰা নাই
যৌৱনৰ নীলা শিখা।
বৰ্ষামুখত তেজৰ উৎসৱ
নীল নদীৰ পাৰত
জনতাৰ অচিনাকী হাঁহি
মৰমীঘাটৰ বিৰিণাৰ তলত
কঁহুৱা ফুলৰ খিলখিলনি।
মৃত্যুৰ উপত্যকা গচকি
নগ্ন হৃদয়ৰ সীমান্তত
মেঘৰ গাঁজনিৰ স’তে
ফেঁকুৰি উঠিছে
নিৰ্জনতাৰ জয়াল ৰাতি।
কোৰ্হাল নীলাজ স্পৰ্শাতীত সংগী
সন্ধিয়াৰ ৰজনীগন্ধাৰ দুৰ্বাৰ আহ্বান
স্মৃতিৰ সংগোপন কথাৰে
ওঁঠৰ কোণত গুঁজি দিবা
নিৰ্লজ চাৱনিৰ ইংগিত।।
সত্যজিৎ গগৈ
ডিব্ৰুগড়
ডিব্ৰুগড়