শূন্য – জেফলিন চুলতানা

শূন্য
জেফলিন চুলতানা,
ধিং বৰী পথাৰ, নগাঁও
শূন্যতাৰে ভৰা হৃদয়খনত
হঠাতে আহিছিল এক উল্লাস
বহুবছৰ পিছত হেনো …!!
গছজোপাত কলি মেলি ফুললৈ পৰিৱৰ্তিত হ’ব ।
উকা উকা লগা পৃষ্ঠাবোৰ
লুটিয়াই চাওঁতে
জীয়াই থকাৰ উজ্বল বাসনা‌ যেন
নাইকীয়া হ’ব ধৰিছিল ।
নাই , নহ’ব
নিজক কিয় প্ৰতাৰণা কৰিম ….!!
লাগিলে সুখৰ লেফাফাত দুখৰ বতৰাই আহঁক
লাগিলে চাৰিওফালে শূন্যতাই বিৰাজ কৰক ।
শূন্যতাক জয় কৰিম
মাথোঁ আশা এটাই
ভালদিন আকৌ আহিব
ভালপোৱা আকৌ গৰজিব ।