“শূন্যতা”
তুমি কোৱা
জীৱন তোমাৰ
মাথো এখন উকা কাগজ,
শূন্যতাৰে ভৰা এক বিৰাট শূন্য!
ভালকৈ চোৱাচোন তুমি
নিজৰ ভিতৰলৈকে জুমি,
দেখিবা,
সেই আপেক্ষিক শূন্যতাতে
আছে শক্তি,
অফুৰন্ত শক্তি
প্ৰেৰণাৰ আকৰ,
মহাশূন্যতাৰ সৃষ্টি কৰোঁতা
সেই মহাশক্তি-প্ৰদত্ত।
দুহাত মেলি দিয়া,
আনা টানি উলিয়ায়,
আৰু চৌদিশে আজন্ম
শূন্যতাৰে গান গাই থকা
জীৱনবোৰত প্ৰাণ সঞ্চাৰ কৰি
কৰি তোলা পৰিপূৰ্ণ।
পাহৰিলা নেকি তুমি
প্ৰতিটো তৰা অবিৰত ভাবে
সদায় ঘূৰে,
চৌদিশে মাথো মহাশূন্য,
কাষততো নাই আন এটি তৰা,
সাৱটি ধৰিব পৰা।
তৰাবোৰ থাকে জিকমিকাই
চকু টিপিয়াই,
অগণন দূৰত্বৰ পৰা।
তোমাৰ জীৱনৰ চুকে-কোণে
লুকাই থকা শক্তিখিনিৰে
আনি দিয়া
দহোজনৰ শূন্যতাৰে ভৰা
জীৱনলৈ পূৰ্ণতা।
তাতেই যে আছে
জীৱনৰ পৰিপূৰ্ণতা!
চৈয়দা জেবীন চাবীৰা শ্বাহ
নিউয়ৰ্ক