শূণ্য – ৰামেশ্বৰ নাথ 

Pc Scientific American

শূণ্য

ৰামেশ্বৰ নাথ 

জীৱনটো এক শূণ্য
শূণ্যৰে আৰম্ভ হৈ শূণ্যতে শেষ ।
জন্মৰ পিছত মৃত্যু আৰু
মৃত্যুৰ পিছৰ খিনি
এক অবুজ সাঁথৰ,
এয়াই শূণ্য
জীৱন বৃত্তৰ পৰিধি ।
কৰ্মৰে লিখা জীৱনৰ ছন্দ
দেখিবা জীৱন বৃত্তৰ পৰিধিত
একে একে মিলি
দুই হোৱাৰ সংখ্যাৰ মাহাত্ম্য।
শূণ্য এক বৃহৎ অংক
যাৰ মূল্যই অমূল্য ।
যদিও নাই নিজা মান
আনৰ পিছত বহি
বঢ়াই তাৰ দহগুণ সন্মান ।