শূণ্য হৃদয়ত বিষাদৰ সুৰ – হিমাশ্ৰী

Pc Facebook

শূণ্য হৃদয়ত বিষাদৰ সুৰ

হিমাশ্ৰী

আজি মায়াবিনী বিষাদৰ…!
আজি প্ৰতিটো সুৰ বিষাদৰ…!
আজি চিতাৰ সন্মুখত বাজি উঠা প্ৰতিটো
গানত মহানায়ক জনৰ হাহাকাৰ…!
আজি পাপু বুলি মতা সেই মাতষাৰৰ হাহাকাৰ…!
আজি গল্ডিৰ সেই অভিমান খিনিৰ হাহাকাৰ…!
আজি গল্ডি দাৰ লগত পতা সেই ঠেহ পেচ খিনিৰ হাহাকাৰ…!
মুঠতে চাৰিওফালে এক সত্তা হেৰাই যোৱাৰ হাহাকাৰ…!
নোৱাৰো কেতিয়াও মানি লব
নোৱোৰো এনে এক বিষাদ সত্য স্বীকাৰ কৰিব
নোৱাৰো তেওঁৰ চিতাৰ জুই কুৰাৰ দপদপনী চাব
যদি এনেদৰে আতঁৰিয়েই যায়
তেন্তে কিয় ইমান ভালপোৱাৰে বান্ধিছিলে?!
আজি গোটেই অসম শূণ্য
আজি অসমবাসীৰ হৃদয় শূণ্য
আজি আপুনি বিচৰা অসম খন গঢ় লৈছে দাদা
আৰু চিঞৰি চিঞৰি গাইছে…
“ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব ভাবোঁ তোমাৰ বুকুত…”
আকৌ আহিব দেই
আমি সকলো ৰৈ থাকিম
আৰু এইবাৰ একেলগে গাম
“তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল……..!!”