শূণ্যতাৰ উৰ্বৰ গৰ্ভ-ব্ৰজ গোস্বামী
দিন ৰাতি স্থবিৰ কৰি
বিছাৰিছো মাথো
নাজানো বিচাৰিছো কি
হেৰুৱালোই বা কি
যেনিয়ে দিও দৃষ্টি
তেনিয়ে দেখো
মাথো শূণ্যতা
শূণ্যতাতেই পিঞ্জৰাবদ্ধ
মোৰ দৃষ্টিৰ দীনতা
দৃষ্টিৰ দীনতা ঠেলি
শূণ্যতাৰ পিঞ্জৰা খুলি
দেখিলো মই
শূণ্যতাতে আছে
সৃষ্টিৰ বিশালতা
শূণ্যতাৰ গৰ্ভতেই আছে
প্ৰাপ্তিৰ উৰ্বৰতা
শূণ্যতাৰ উৰ্বৰ গৰ্ভতেই
সিচি দিলো মই
মূল্যবোধৰ অলেখ বীজ
তাতেই অংকুৰিত হওক
হাজাৰ ভ্ৰূণৰ
এখন নতুন পৃথিৱীৰ।