শুৱালকুছি সেউজী চ’ৰা ৩৫সংখ্যক বাৰ্ষিক সভা উদযাপন
অনামিকা (সংগীতা)কলিতা,ৰঙিলী বাৰ্ত্তাসেৱা- চিৰ চেনেহী মোৰ ভাষা জননী । ২৫ডিচেম্বৰত প্ৰতি বছৰে “সেউজী চ’ৰা” সাহিত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।এইবাৰো ২৫ডিচেম্বৰ ২০১২৪তাৰিখে শুৱালকুছিৰ সাহিত্যৰ অনুষ্ঠান সেউজী চ’ৰাৰ বাৰ্ষিক সভাখন অনুষ্ঠিত হয় শুৱালকুছি গান্ধী আশ্ৰমত ।অনুষ্ঠানত আৰম্ভণিতে পতাকা উত্তোলন কৰে সেউজী চ’ৰাৰ সভাপতি( শিক্ষক) হেমেন পাঠক ডাঙৰীয়া। বন্তি প্ৰজ্বলন কৰে ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশঙ্কৰদেৱ ধামৰ(মন্দিৰ) সম্পাদক ৰামেশ্বৰ দাসে আৰু মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰে কালিৰাম কাৰিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক দিবাকৰ কলিতাই।তাৰ পিছত সেউজী চ’ৰাৰ উপদেষ্টা প্ৰয়াত কুশল ডেকা,আজীৱন সদস্য বিদুৰ দাস আৰু নিলোৎপল কুমাৰক ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনায় তেওঁলোকৰ পৰিয়ালবৰ্গও উপস্থিত থাকে।সভা উদ্বোধন কৰে বিকাশ কলিতাই। “শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়” অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০বিজয় কৃষ্ণ দলে কবি সন্মিলন সঞ্চালনা কৰে আৰু নৱপ্ৰজন্মৰ পৰা বয়সীয়াল ব্যক্তিলৈকে ৭২গৰাকী কবিয়ে কবিতা পাঠ কৰে। কৃত্তিকা বৈশ্য নৱপ্ৰজন্মৰ এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীৰ দুখনকৈ কবিতা পুথি উন্মোচন হয় ।উন্মোচন কৰে” প্ৰাগ জ্যোতিষ মহাবিদ্যালয় ” ৰসায়ন বিভাগৰ সহযোগী অধ্যাপক ড০ পৰশমণি দাসে।এয়া সাহিত্যৰ ক্ষেত্ৰত নতুন দিশ সূচনা কৰে ভাষা সাহিত্য ৰক্ষাৰ শুভ লক্ষণ দেখিবলৈ পাইছোঁ। কৃতিকা বৈশ্যৰ “Thanks you universe “আৰু “আবেগৰ ৰামধেনু ” কবিতা দুখন।আনন্দৰাম বৰুৱা ভাষা কলা-সাহিত্য সংস্কৃতি সংস্থাৰ গ্ৰন্থগাৰিক ড০ ৰিদীপ জ্যোতি কলিতা ডাঙৰীয়াই সেউজী চ’ৰাৰ প্ৰাক্তন সভানেত্ৰী কুমাৰী কামদা বৈশ্যৰো” ত্ৰিবেণী” নামৰএখন কবিতা পুথি উন্মোচন কৰে।শুৱালকুছিৰ সেউজী চ’ৰাৰ উপদেষ্টা অনাতাঁৰ শিল্পী কনকলতা দাস আৰু বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় অধ্যক্ষ ড০নিহাৰঞ্জন কলিতাও সভাত উপস্থিত থাকে। সেউজী চ’ৰা সদস্যা সকলে সাংস্কৃতিক সম্পাদিকাৰ তত্বাৱধানত সুন্দৰ সমবেত সংগীতেৰে সকলোকে মন প্ৰাণ জুৰায়।হেমেন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায় সেউজী চ’ৰা সম্পাদক দীপাঙ্কৰ শৰ্মাই আৰু অসম সংগীতৰে সভা সমাপ্ত ঘোষণা কৰা হয়।