শুৱালকুছি শ্ৰীশ্ৰী ঈশ্বৰ নসত্ৰ (হনুমান)নামঘৰত ১৫০তম প্ৰতিষ্ঠা দিৱস উদযাপন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি, ৰঙিলী বাৰ্ত্তাসেৱা- আধ্যাত্মিক জ্ঞানে কৰে সংযমী। ধৰ্ম আৰু কৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী শুৱালকুছি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত। সেই গাঁওৰে ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী ঈশ্বৰ নসত্ৰ শুৱালকুছি কিন্তু হনুমান নামঘৰ নামেৰে পৰিচিত। বিগত বৰ্ষৰ দৰে এইবেলি ১৫০তম প্ৰতিষ্ঠা দিৱস তিনি দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে ৪/৫|৬ মাঘ ইং-১৮|১৯|২০জানুৱাৰী ২০২৬তাৰিখে অনুষ্ঠিত হয়।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহিলা সকলৰ দিহানাম প্ৰতিযোগিতা ,ছাত্ৰ/ছাত্ৰীসকলৰ মাজত কুইজ/চিত্ৰাঙ্কণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ১৫০খন ধৰ্মীয় পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।ইয়াৰ মূল পতাকা উত্তোলন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচনী সন্ত বাপে লগতে সন্ধিয়া গায়ন/বায়ন সহিতে ভাগৱত শোভাযাত্ৰা হয় ।ৰাতিপুৱা উষা কীৰ্ত্তনৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ হৰি কীৰ্ত্তনেৰে মুখৰিত হৈ পৰে নামঘৰৰ প্ৰাংগণ।কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা সমিতিৰ সভাপতি মাধৱ চন্দ্ৰ কলিতা ,সম্পাদক ডিম্বেশ্বৰ কলিতা, সাংস্কৃতিক সভাপতি তপন পাঠক শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০নিহাৰ ৰঞ্ছন কলিতা,স্মৃতিগ্ৰন্থৰ সভাপতি শিক্ষক ৰাতুল চন্দ্ৰ কলিতা,স্মৃতিগ্ৰন্থৰ সম্পাদক দীপক ৰাজগুৰু ,স্মৃতিগ্ৰন্থৰ সহ-সম্পাদিকা অনামিকা (সংগীতা) কলিতাই “আনন্দ সাগৰ “নামৰ এখন স্মৃৰণিকা উন্মোচন কৰে আৰু সেইদিনাৰ অনুষ্ঠানতো চলাই নিয়ে শিক্ষক বিকাশ কলিতাই, তৃতীয় দিনা বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰাই গাঁওখনত আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে।গাঁওখনৰ আৰু দূৰ-দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক এসাজ নিৰামিষ আহাৰেৰে আপ্যায়নকৰে।এমুঠি ভাল মানুহৰ কাৰণে এতিয়াও ভাৰতবৰ্ষ সুৰক্ষিত ঠিক তেনেকৈ এটা অনুষ্ঠান সফলতা লাভ কৰিবলৈ কিছুমান ব্যক্তিৰ বিশেষ অৱদান থাকে । তেওঁলোক বিশেষ দায়িত্বত থকা ব্যক্তিসকল ক্ৰমে– সূৰেণ কলিতা, জয়ন্ত কলিতা, নিৰোদ ডেকা, জিতেন্দ্ৰ কলিতা, নৱ কলিতা, নৱদ্বীপ কলিতা, মনোজ কলিতা, নীলমণি কলিতা,ৰাজিৱ মোহন কলিতা, মনোজ কলিতা, দশৰথ কলিতা, ফুলেশ্বৰ কলিতা, অমৰ জ্যোতি কলিতা, বলেন পাঠক,কিৰণ পাঠক,প্ৰৱীণ চন্দ্ৰ কলিতা, পবিত কলিতা, মৃণাল কলিতা , কনক কলিতা, সদানন্দ কলিতা, মিহিৰ কলিতা,শৰৎ কলিতা, ধীৰেন্দ্ৰ নাথ কলিতা, ৰিতুমণি দাস, কুসুম কলিতা, ৰীতা কলিতা, মালা কলিতা আদি অনেকৰ প্ৰচেষ্টাত অনুষ্ঠানৰ আটাইবিলাক কাৰ্যসূচী সাফল্যমণ্ডিত হয়।বৃহত্তৰ শুৱালকুছি ৰাইজে ভূয়সী প্ৰশংসা কৰে।
