শুৱালকুছি শাখা লেখিকা সংস্থাৰ উদ্যোগত কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান
অনামিকা (সংগীতা)কলিতাশুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য হ’ল প্ৰতিটো জাতিৰ দাপোণ। ১৭আগষ্ট ২০২৫তাৰিখে” শুৱালকুছি জ্ঞানদ্বীপ ইংলিছ একাডেমি ” প্ৰাংগণত সময় ৰাতিপুৱা ১০বজাৰ পৰা শুৱালকুছি শাখা লেখিকা সংস্থাৰ উদ্যোগত কণ কণ ছাত্ৰ-ছাত্ৰীৰ অসমীয়া ভাষাৰ প্ৰতি মনোনিৱেশ আৰু প্ৰতিভা বিকাশৰ কাৰণে দ্বিতীয় শ্ৰেণীৰ পঞ্চম শ্ৰেণীলৈ বানান প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।প্ৰতিযোগিতা দ্বিতীয়/ তৃতীয় শ্ৰেণীত ক শাখাতআৰু চতুৰ্থ/পঞ্চম শ্ৰেণীক খ শাখাত অন্তৰ্ভূক্ত কৰে।বানান প্ৰতিযোগিতা প্ৰাক্তন সভানেত্ৰী কুমাৰ কামদা বৈশ্যৰ তত্ত্বাৱধান সম্পাদনা হয়।সহযোগিতা আগবঢ়োই শিক্ষক দুলু কলিতা। কবিতা আবৃত্তি প্ৰতিযোগিতাত শিক্ষয়িত্ৰী ৰশ্মি ৰাণী বৈশ্য আৰু দুলু কলিতাই বিচাৰকৰ দায়িত্ব পালন কৰে। শুৱালকুছিৰ কেইবাখনো বিদ্যালয়ৰ পৰা শিশুসকল আহি অংশগ্ৰহণ কৰিছে।সিহঁতৰ প্ৰতিভাবোৰ দেখি আচৰিত হ’লোঁ।
বানান প্ৰতিযোগিতাত ক শাখাত দ্বিতীয়/তৃতীয় শ্ৰেণীৰ ক্ৰমে প্ৰথম স্থান-হৰ্ষিতা দাস দ্বিতীয় স্থান জোৱানিকা দাস/সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ। তৃতীয় স্থান-জোনাকী বৰ্মন/আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ।চতুৰ্থ স্থান-অনুস্কা বৈশ্য ,পঞ্চম স্থান – ধিয়া বনিয়া বৈশ্য /সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ।
বানান প্ৰতিযোগিতা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ খ শাখাত। প্ৰথম স্থান-হিয়া মেধি,দ্বিতীয় স্থান- বৃষ্টি নাথ,তৃতীয় স্থান-মনীষা চৰকাৰ,চতুৰ্থ–পংখী দাস,পঞ্চম স্থান-জিন্টী বৈশ্য গোটেই কেইগৰাকী সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছে।
আবৃত্তি প্ৰতিযোগিতা দ্বিতীয়/তৃতীয়–ক -শাখা। প্ৰথম স্থান-ৰাগিনী দাস,দ্বিতীয় স্থান–হৰ্ষিতা দাস,তৃতীয় স্থান-জোৱানিকা বৈশ্য,চতুৰ্থ স্থান-গাৰ্গী কলিতা গোটেই কেইগৰাকী সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ।পঞ্চম স্থান-স্মৃতি ৰাণী দাস/শঙ্কৰদেৱ শিশু বিদ্যানিকেতনৰ ছাত্ৰী।
চতুৰ্থ/পঞ্চম–খ- শাখা। প্ৰথম স্থান-বৃষ্টি নাথ/সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী।দ্বিতীয় স্থান-গাৰ্গী মেধি /আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। তৃতীয় স্থান-হিয়া মেধি,চতুৰ্থ স্থান-শিবাংগী নাথ দুয়োজনী সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। পঞ্চম স্থান- কুহিস্মিতা ঠাকুৰীয়া,অৰুণোদয় বিদ্যামন্দিৰ পঢ়ি থকা ছাত্ৰী। ছাত্ৰ সকলেও অংশগ্ৰহণ কৰিছিল কিন্তু ছাত্ৰী সকলৰ পাৰদৰ্শিত আকৰ্ষণীয়।
বটাঁ বিতৰণী সভাৰ সভাপতিৰ আসন শুৱনি কৰে শুৱালকুছি লেখিকা সংস্থাৰ সভানেত্ৰী নীলিমা দাস।সভাৰ ব্যাখ্যা আগবঢ়াই সেই সংস্থাৰ সম্পাদিকা মঞ্জু কাকতি। শুৱালকুছিৰ বিশিষ্ট ব্যক্তি ৰঞ্জিত মহন্ত দেৱো উপস্থিতিয়ে অনুষ্ঠানটো জিপাল কৰি তোলে। শাখাটোৰ বিভিন্ন বাবাত থকা মিনতি দাস মেধি ,জোনালী দাস ,শিক্ষয়িত্ৰী দীপাঞ্জলী ডেকা আৰু শিক্ষয়িত্ৰী স্বৰ্ণময়ী কলিতাই বঁটা সমূহ নিজৰ ফালৰ পৰা প্ৰদান কৰে।সেই সংস্থাৰ বিষয় বাবৰ সদস্যা অনামিকা (সংগীতা)কলিতা নিজৰ দুখন গ্ৰন্থ প্ৰতিভা থকা দুগৰাকী ছাত্ৰীক প্ৰদান কৰে। সংস্থাটোৰ বিভিন্ন বাবাত থকা লেখিকা যমুনা দুলু বৈশ্য, ৰুক্মিণী দাস,নমিতা দাস,মিনাক্ষী দাস বৰুৱা ,ৰঞ্জু দাস মড়ল,জ্যোৎস্না দাস,উৰ্মীমালা দেৱী আদি লেখক লেখিকা সকলে অনুষ্ঠানটো চলাই নিয়াত সহযোগিতা আগবঢ়ায়। সদস্যা তৰলী ভৰালী ,অৰ্পনা বৈশ্য,শিক্ষয়িত্ৰী ৰুণুমি কলিতাইও সহযোগিতা কৰে।