শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত যুৱ মহোৎসৱ উদযাপন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষাই অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ গতি কৰায় । শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নিজৰ প্ৰতিভা সমূহ প্ৰতিফলন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ/ছাত্ৰীৰ মাজত যুৱ মহোৎসৱ উদযাপন কৰি আহিছে।বিগত বৰ্ষৰ দৰে এইবেলিও ২৭মাৰ্চ পৰা ২এপ্ৰিল ২০২৬লৈ বিভিন্ন কাৰ্যসূচীৰে শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যুৱ মহোৎসৱ অনুষ্ঠানটি অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি ১এপ্ৰিল তাৰিখে প্ৰতিটো বিভাগৰ ছাত্ৰ/ছাত্ৰীয়ে সুকীয়া সুকীয়াকৈ অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন কৰি এক বৰ্ণিল শোভাযাত্ৰা আয়োজিত কৰে।শোভাযাত্ৰাৰ অন্ততঃ বিভিন্ন শিতানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ/ছাত্ৰী সকলক বঁটা প্ৰদান কৰে। ইয়াৰ পিছত ২এপ্ৰিল তাৰিখে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ- ড০নিহাৰঞ্জন কলিতা।মুখ্য অতিথি -ড০ৰাজীৱ সন্দিকৈ ,শৈক্ষিক পঞ্জীয়ক,গুৱাহাটী বিশ্ববিদ্যালয়।

নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰে ক্ৰমে ডাঃহিতেশ বৰুৱা স্বত্বাধিকাৰী,নেমকেয়াৰ হস্পিটালৰ বিশিষ্ট চিকিৎসক ,শ্ৰীযুত গুঞ্জন ডেকা, সভাপতি, স্নাতকোত্তৰ ছাত্ৰ একতা সভা,গুৱাহাটী বিশ্ববিদ্যালয় আৰু সেই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০যোগেশ ডেকা মহোদয়ে ভাষণ প্ৰসংগত ছাত্ৰ/ছাত্ৰীৰ উদ্দেশ্যে যুৱ মহোৎসৱৰ প্ৰাসংগিকতা সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়।
