শুৱালকুছি তাত শিল্প উন্নয়ন সমিতিৰ সংবাদ মেল

শুৱালকুছি তাত শিল্প উন্নয়ন সমিতিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কালি শুৱালকুছি তাত শিল্প উন্নয়ন সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে কয় যে অসমৰ বস্ত্ৰ নগৰী এতিয়া নানান সমস্যাৰ গৰাহত। অসম চৰকাৰ তথা অসমৰ ৰাইজৰ সহায় সহযোগিতাৰ বাবে এই সংবাদ মেল। পাত সূতা আৰু গুণা আদি অসমৰ বাহিৰৰ পৰা আনিব লগীয়া হয়। বৰ্তমান যি মূল্যবৃব্ধি তাৰ বাবে শিল্পটো ৰুগ্ন হৈ পৰিছে। স্থানীয় কেঁচা সামগ্ৰীৰ যোগানত চৰকাৰৰ গুৰুত্ব নোহোৱাৰ কাৰণে আজিৰ এই দুৰৱস্থা। শুৱালকুছিৰ শিপিনী সকলক সকাহ দিয়াৰ বাবে চৰকাৰে এটি সূতা ভঁৰাল স্থাপন কৰিছিল যদিও বৰ্তমান সেইটো মৃতপ্ৰায়। তেওঁলোকৰ আহ্বান এই ভঁৰালটো পৰিচালনাৰ দায়িত্ব তাত শিল্প উন্নয়ন সমিতিক অৰ্পন কৰিব লাগে। দ্বিতীয়তে  শিল্পটোক সুৰক্ষা দিয়া আইন খনে শিল্পটোক প্ৰকৃতাৰ্থত সুৰক্ষা দিব পৰা নাই। বিদ্যুৎ চালিত শালত উৎপাদন কৰিলে যি শাস্তিৰ বিধান থাকিব লাগিছিল সেইবোৰ নথকা বাবে বিভিন্ন নিম্ন মানৰ সূতাৰে কাপোৰ বৈ বজাৰত বিক্ৰী কৰি অসমীয়া গ্ৰাহকক ঠগী অহাৰ লগতে শিপিনী সকলক অৰ্থনৈতিকভাৱে পংগু কৰি পেলাইছে বুলি মন্তব্য কৰে।তেওঁলোকে সংবাদ মেলত ৬য় টা কাৰণ সন্নিবিষ্ট কৰি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। সংবাদ মেলত সমিতিৰ সভাপতি ড° নিহাৰ ৰঞ্জন কলিতা, সাধাৰণ সম্পাদক বলেন দাস, সম্পাদক কৰ্ণ বৰুৱা, কাৰ্যকৰী সম্পাদিকা দিপালী কলিতা, বিত্ত সম্পাদক প্ৰহ্লাদ কুমাৰ বৈশ্য, প্ৰতিষ্ঠাপক সম্পাদক বিপুল চন্দ্ৰ বৈশ্যকে আদি কৰি কেইবাজনো লোক উপস্থিত থাকে৷