শুৱালকুছি ঐতিহাসিক দুটি নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

শুৱালকুছি ঐতিহাসিক দুটি নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-

শ্ৰীমন্ত শঙ্কৰ      হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই     নাহি নাহি নাহি
আমাৰ পৰম গুৰু। ।

আধ্যাত্মিক ভাবে কৰে সংযমী একান্ত বোধেই জগতৰ শান্তি। অন্ধবিশ্বাস ,কু -সংস্কাৰ আদি নাশ কৰাৰ কাৰণে গুৰুজনাই ( ৫৭৬/৫৭৭শঙ্কৰাব্দ ) আগতে অসম ভূমিত জন্ম লাভ কৰিছিল ।এক শৰণ বৈষ্ণৱ ধৰ্মক মূলমন্ত্ৰ হিচাপে সমাজখনত বিশুদ্ধ ভাবধাৰা প্ৰতিষ্ঠা কৰিছিল ।গুৰু জনাৰ আদৰ্শ জীৱহত্যা বলী-বিধান মহাপাপ এটা জীৱক বধ কৰি আন এটা জীৱ কেতিয়াও সুখী হ’ব নোৱাৰে।ঈশ্বৰ প্ৰভু শ্ৰীকৃষ্ণক হৃদয়ত ৰাখিলে সকলো দুখ মোচন হয়।  তেখেতৰ এই আদৰ্শ অমৃত বাণী এক শৰণ বৈষ্ণৱ ধৰ্মক সাৰোগত কৰি শুৱালকুছি গাঁওত ঐতিহাসিক নামঘৰ “শ্ৰী শ্ৰী শঙ্কৰদেৱ মন্দিৰ “আৰু “শ্ৰীশ্ৰীশঙ্কৰদেৱ ধাম” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ ধুম-ধামেৰে অনুষ্ঠিত কৰি আহিছে। দুয়োটা নামঘৰতে গুৰু জনাৰ জন্ম জয়ন্তী শতবৰ্ষ  ইতিমধ্যে পালন কৰিছে।ধৰ্ম-কৰ্ম বিশ্বাসী গাঁওবাসীৰ এনাজৰী অটুট ৰাখিবলৈ সদায় প্ৰয়াস কৰিছে ।গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে দুয়োটা নামঘৰে একোখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি আহিছে। এইবেলিও” শ্ৰীশ্ৰীশঙ্কৰদেৱ ধাম” স্মৃতিগ্ৰন্থ “শ্ৰীমন্ত গুৰু প্ৰকাশ ” প্ৰকাশ কৰি উলিয়াইছে। “শ্ৰীশ্ৰীশঙ্কৰদেৱ মন্দিৰ “স্মৃতিগ্ৰন্থ” শ্ৰীমন্ত শঙ্কৰ প্ৰকাশ” কৰি উলিয়াইছে। দুয়োটা নামঘৰে গাঁওৰ সমাজখনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অনাগত দিনলৈও থাকিব ।

   হৰি নাম ৰসে                  বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে                   পাৰ ভাঙি দিলে
বহে ব্ৰহ্মাণ্ডক ভেদি।।