শুৱালকুছি ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰত দৌল মহোৎসৱৰ প্ৰস্তুতি
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- ধৰ্মীয় বাতাবৰণে ঠাইখনে পবিত্ৰ কৰি তোলে।কামৰূপ জিলাৰ উদাসীন সত্ৰ সমূহৰ ভিতৰত অন্যতম সত্ৰ হৈছে ঈশ্বৰ শ্ৰী শ্ৰী হাটীসত্ৰ । ৪০০ বছৰ গৰকা সত্ৰখনত সত্ৰ প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা উলহ মালহৰে পালন কৰি অহা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগি । ধৰ্মীয় পৰম্পৰা অটুত ৰাখি বিগত বছৰ সমূহৰ দৰে এইবেলিও ১৭ ফাগুন ইং ২ মাৰ্চ সোমবাৰৰ পৰা ১৯ ফাগুন ইং ৪ মাৰ্চ বুধবাৰলৈ তিনিদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাইছে কিন্তু এইবাৰ ১৬ফাগুন ১মাৰ্চত এক বিশেষ আকৰ্ষণ আছে সহস্ৰাধিক বাপ- বান্ধৱ,আই-মাতৃক লৈ হোলীগীত পৰিবেশন কৰিব।উপস্থিত থাকিব আউনি হাটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি । কাৰ্য্যসূচী অনুযায়ী, ১৭ ফাগুন সোমবাৰে পুৱাৰ ভাগত স্বচ্ছ অভিযান,গছপুলি ৰোপন,ধৰ্মীয় পতাকা উত্তোলন, লুইট কণ্ঠ জুবিন গাৰ্গ মণ্ডপ উদ্ধোধন, সত্ৰৰ দৌল মহোৎসৱৰ বাৰ্ষিক স্মৰণিকা “ৰঙ্গে ফাগু খেলে” উন্মোচন, বক্তৃতা প্ৰতিযোগিতা, আৱেলি দৌল মন্দিৰত ৰাজহুৱা বন্তি প্ৰজ্বলন,শিশুসকলৰ কৃষ্ণ নৃত্য প্ৰদৰ্শন,মেজিদাঁহ,দৌল মন্দিৰত গোসাই প্ৰতিষ্ঠা,বৰপেটাৰ ঠলুৱা শিল্পী নিৰ্মান কৰা আতচবাজী প্ৰদৰ্শন হ’ব।আতাচবাজী প্ৰদৰ্শনত উপস্থিত থাকিব মাজুলী শ্ৰীশ্ৰী আউনীআটি সত্ৰত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, আৰু নিশা যাত্ৰাভিনয় নাট প্ৰদৰ্শন। ১৮ ফাগুন মঙ্গলবাৰে পুৱাৰ ভাগত আইসকলৰ প্ৰসঙ্গ,বাপুসকলৰ প্ৰসঙ্গ, হোলীগীত প্ৰতিযোগিতা আৰু নিশা সাংস্কৃতিক অনুষ্ঠান। ১৯ ফাগুন বুধবাৰে পুৱাৰ ভাগত ভকত আৰু আই-মাতৃসৱৰ আবিৰ অনুষ্ঠান,নগৰত গোসাই পৰিভ্ৰমণ, গোঁসাইৰ বিবাহ অনুষ্ঠানৰ লগতে কৃষ্ণ ভোগ বিতৰণ, আৱেলি পঞ্চমৃত টেকেলি ভঙা আৰু তেলুৱৈ বাঁহত বগোৱা খেল প্ৰদৰ্শন, আনহাতে দৌল মহোৎসৱৰ বিশেষ আকৰ্ষন পুৰুষ আৰ মহিলাৰ বাঁহ ভঙা প্ৰতিযোগিতা আৰু সন্ধিয়া পতাকা অৱতৰণৰে সামৰণি পৰিব ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ দৌল মহোৎসৱৰ কাৰ্য্যসূচী । এই গোটেই কাৰ্যসূচীত সকলো আই-মাতৃ তথা বাপ-বান্ধৱৰ উপস্থিতি ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচনী সন্ত বাপে বিনম্ৰতাৰে কামনা কৰিছে।
