শুল্ক যুদ্ধৰ ক্ষতিক নস্যাৎ প্ৰধানমন্ত্ৰী মোদীৰ

শুল্ক যুদ্ধৰ ক্ষতিক নস্যাৎ প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা প্রধান অর্থনীতি। বিগত ১১ বছৰত ভাৰতৰ অর্থনীতি বিশ্বৰ দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হৈছে। বর্তমান দেশখনে শীর্ষ তৃতীয় স্থানত উপনীত হোৱাৰ বাবে দ্রুতগতিত অগ্ৰসৰ হৈছে। এই গতিবেগৰ কাৰণ স্পষ্ট উদ্দেশ্য আৰু সৎ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মনোভাব’। মার্কিন প্রশাসনে আৰোপ কৰা অত্যধিক শুল্কৰ প্ৰভাৱ নস্যাৎ কৰি বেংগালুৰুত প্রায় ২২,৮০০ কোটি টকাৰ মেট্ৰ’ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত এইদৰে কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়াকৈ দেশত আন্তঃগাঁথনি বিকাশৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ২০১৪ চনত মেট্র’ সেৱা কেৱল ৫খন চহৰতে সীমাবদ্ধ আছিল। বৰ্তমান দেশৰ ২৪খন চহৰত এহেজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব বিস্তৃত হৈ ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম মেট্র’ নেটৱৰ্ক হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে দেশৰ কেৱল ২০ হাজাৰ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ বিপৰীতে বিগত ১১ বছৰত ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰে’লপথৰ বিদ্যুৎ সংযোগ কৰা হৈছে। ভাৰতৰ কৃতিত্ব কেৱল স্থলভাগতে নহয়, আকাশমার্গতো সফলতা অর্জন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ৭৪টা বিমানবন্দৰৰ বিপৰীতে বর্তমান এই সংখ্যা ১৬০ৰো অধিক বুলি কয়। স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ অগ্রগতি সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে ২০১৪ চনৰ আগলৈকে দেশত ৭খন এইমছ আৰু ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আছিল। বর্তমান দেশত ২২খন এইমছ আৰু ৭০৪খন চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণৰ সেৱা আগবঢ়াই আহিছে। তদুপৰি বিগত ১১ বছৰত দেশত এক লক্ষাধিক নতুন চিকিৎসা আসন সংযোজনেৰে মধ্যবিত্ত শিক্ষার্থীসকলক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্রদান কৰিছে। বিগত ১১ বছৰত আইআইটিৰ সংখ্যা ১৬ৰ পৰা ২৩খন, আইআইএমৰ সংখ্যা ১৩ৰ পৰা ২১খনলৈ বৃদ্ধি পাইছে। যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত যথেষ্ট সুযোগ লাভকৰিছে। দেশৰ উন্নয়নৰ দ্রুতগতি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ দ্বাৰা শক্তিশালীভাৱে পৰিচালিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ১১ বছৰৰ পূৰ্বে দেশৰ ৰপ্তানি আছিল মাত্র ৪৬৮ বিলিয়ন মার্কিন ডলাৰ। এই পৰিমাণ বৰ্তমান ৮২৪ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ইফালে এসময়ত ম’বাইল ফোন আমদানি কৰা ভাৰতে বিগত ১১ বছৰত আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে বিশ্বৰ শীৰ্ষ ৫খন ৰপ্তানিকাৰী দেশৰ তালিকাত অন্তর্ভুক্ত হৈছে। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ ইলেক্ট্রনিক্স সামগ্ৰী ৰপ্তানিৰ পৰিমাণ ৬০০ কোটি মার্কিন ডলাৰৰ বিপৰীতে বৰ্তমান ৩,৮০০ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে। অটোম’বাইল খণ্ডতো ভাৰতৰ বিকাশৰ কথা উল্লেখ কৰি এই সাফল্যই আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক শক্তিশালী কৰা বুলি উল্লেখ কৰে। অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰলৈ বেংগালুৰু ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীয়ে পাকিস্তান সীমান্তৰ গভীৰতাত সন্ত্রাসবাদীৰ গোপন ঘাটি ধ্বংস কৰাৰ সামৰ্থ্যৰ কথা উল্লেখ কৰি অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাবাহিনীৰ ভূমিকা আলোকপাত কৰে। সন্ত্রাসবাদীক সুৰক্ষা দিবলৈ অহা পাকিস্তানক ক্ষণিকতে আঁঠু ল’বলৈ বাধ্য কৰোৱাৰ খবৰে ভাৰতৰ শক্তিৰ গুৰুত্বকে প্ৰতিপন্ন কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সফলতাত প্রযুক্তি আৰু প্ৰতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ শক্তিৰ কথা আলোকপাত কৰে। এই সাফল্যত বেংগালুৰু আৰু কৰ্ণাটকৰ অন্যান্য ঠাইৰ যুৱক-যুৱতীসকলৰ অৱদানকো স্বীকাৰ কৰে। তেওঁ এই সফলতাত ভূমিকা পালন কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে। বিশ্বৰ প্ৰধান চহৰসমূহৰ দৰে বেংগালুৰুৱেও স্বীকৃতি পোৱা বুলি উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে কেৱল বিশ্বজুৰি প্ৰতিযোগিতাই নহয়, নেতৃত্বও দিব লাগিব। তেওঁ কয় যে প্রগতি তেতিয়াহে সম্ভৱ যেতিয়া আমাৰ চহৰসমূহ স্মার্ট, দ্রুত আৰু কাৰ্যক্ষম হ’ব। লগতে আন্তঃগাঁথনি প্রকল্প সম্পূৰ্ণ কৰাৰ ওপৰত চৰকাৰে শক্তিশালীভাৱে মনোনিৱেশ কৰিব। আজি বেংগালুৰু মেট্ৰ’ৰ হালধীয়া লাইন উদ্বোধন কৰি প্রধানমন্ত্রীয়ে কয় যে এই সুবিধাই স্থানীয় লোকসকলৰ যাত্ৰাৰ সময় যথেষ্ট হ্রাস কৰিব। তেওঁ লগতে বেংগালুৰু মেট্ৰ’ৰ তৃতীয় পৰ্যায়ৰ কামৰো আধাৰশিলা স্থাপন কৰে। এই প্রকল্প সম্পূর্ণ হ’লে দৈনিক ২৫ লাখ যাত্ৰীৰ যাত্ৰা সুচল কৰি তুলিব।