শুল্ক নীতি ঘোষণা কৰা দেশতেই হাহাকাৰ

শুল্ক নীতি ঘোষণা কৰা দেশতেই হাহাকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অর্থনীতি শক্তিশালী কৰিবলৈ নতুন শুল্ক নীতি আৰোপ কৰা দেশতেই হাহাকাৰ।  বিশ্বৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধত আমেৰিকাবাসীয়েই বিতত হৈছে।  শুল্ক নীতিৰ প্ৰভাৱত মূল্যবৃদ্ধিৰ আশংকাত দোকানে দোকানে শাৰী পাতিছে আমেৰিকাৰ নাগৰিকে। মূল্যবৃদ্ধি হোৱাৰ আশংকাত দোকানত ভিৰ কৰি মার্কিন গ্রাহকে প্রয়োজনতকৈ অধিক সামগ্রী ক্ৰয় কৰি কিছুদিনৰ বাবে মজুত ৰখাৰ পৰিকল্পনা কৰিছে। কিয়নো, ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাটো নিশ্চিত। ৯ এপ্ৰিলৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰত সামগ্ৰীসমূহত শুল্ক নীতি বলৱৎ হোৱাৰ ফলত সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব। এনে পৰিপ্ৰেক্ষিততে বজাৰমুখী হৈছে মার্কিন নাগৰিক। দোকানে দোকানে ঘূৰি ফুৰি নিজৰ প্ৰয়োজনীয় সামগ্রী লগাতকৈ অধিক ক্ৰয় কৰিছে। মন কৰিবলগীয়া যে বিগত বৰ্ষ নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নির্বাচনত জয়ী হোৱা ড’নাল্ড ট্রাম্পে জানুৱাৰী মাহত শপতগ্ৰহণ কৰিয়েই নতুন শুল্ক নীতি ঘোষণাৰ সিদ্ধান্ত লয়। সেইমৰ্মেই যোৱা ২ এপ্ৰিলৰ পৰা বিশ্বৰ প্ৰতিখন দেশতে আমদানি শুল্ক আৰোপ কৰা হৈছে। এই শুল্কই আন দেশৰ লগতে নিজৰ দেশতো প্ৰভাৱ পেলাইছে।