শুভ সন্ধিয়া – জাহ্নৱী দেৱী

শুভ সন্ধিয়া

জাহ্নৱী দেৱী,
ডিব্ৰুগড়

সন্ধিয়াৰ শুভ ক্ষণত
সোঁৱৰণিৰ পৃষ্ঠা লুটিয়াই
চাওঁ ,শুভ্ৰ শেৱালিৰ সুবাস
বিচাৰি পাওঁ নেকি?
শাৰদী ৰাণীৰ আগমনত
ধৰাৰ জীপাল মিচিকিয়া হাঁহি
বিয়পি পৰিছে চৌপাশে।
শান্ত ,সৌম্য শুভ্ৰ বসনৰে
শাৰদী ৰাণী আগমণত
সকলোৱে উৎফুল্লিত হৈছো।
আকাশে বতাহে বিলীয়মান
শুভ্ৰ শেৱালিৰ আমোলমোল সুবাস।