শুভ লক্ষ্মী পূজা
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
লক্ষ্মী পূজা আমাৰ জীৱন আৰু সংস্কৃতিৰ লগত গভীৰভাবে জড়িত। ধন-সম্পদৰ দেবী লক্ষ্মী মাতাক আদৰণি জনাবলৈ প্ৰতিবছৰে এই পূজা পালন কৰা হয়। পূজাৰ দিনা পুৱাৰ পৰা ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি সজ্জিত কৰা হয়। সন্ধিয়া হ’লেই সুয়লাৰ দীপশিখাই অন্ধকাৰ দূৰ কৰি আশাৰ আভা ছটিয়াই দিয়ে। ঘৰৰ চোতালত জ্বলি থকা দীপবোৰ যেন আমাৰ জীৱনত নতুন আলোক, আশা আৰু সমৃদ্ধি আনি দিয়ে।
পূজাৰ মুহূৰ্তত ভক্তিৰ অনুভৱে হৃদয় ভৰি তোলে। পৰিয়ালৰ সকলো সদস্যে একেলগে বহি পূজা কৰাৰ সময়ত এক অপাৰ আনন্দৰ সৃষ্টি হয়। একত্ৰতা, স্নেহ আৰু সৌভ্ৰাতৃত্বৰ অনুভৱে পৰিয়ালৰ বন্ধনক অধিক শক্তিশালী কৰি তোলে। লক্ষ্মী পূজাই কেৱল ধন-সম্পদৰ প্ৰার্থনাই নহয়, ই হৈছে শান্তি, সদ্ভাৱনা আৰু কল্যাণৰ কামনা কৰাৰ এক ঐতিহ্যবাহী উৎসৱ।
পূজাৰ লগত জড়িত দীপমালাই পূজাৰ পবিত্ৰতাৰ আভা বঢ়াই তোলে । দীপাৱলী আৰু লক্ষ্মী পূজাৰ সময়ত বন্তি জ্বলাই দিওঁতে যেন মনৰ ভিতৰৰ অন্ধকাৰ দূৰ হয় আৰু আশা-আলোকৰ পথলৈ আগুৱাই যাওঁ।
তেনে পৰিসৰত লক্ষ্মী পূজা মোৰ বাবে কেৱল ধৰ্মীয় আচাৰ নহয়, ই হৈছে মানসিক শান্তি, পৰিয়ালিক একতা আৰু জীৱনলৈ নতুন উদ্যম প্ৰদান কৰা এক বিশেষ অনুভৱ।