শুভ মহালয়া – হিমাদ্ৰী বৰকটকী

pc medium

শুভ মহালয়া

হিমাদ্ৰী বৰকটকী,
নগাঁও

(যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা
নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ ।)

বাৰ্ষিক মহালয়া সাধাৰণতে আহিন মাহৰ অমাবস্যাৰ দিনাই উদযাপন কৰা হয়। এই নিৰ্দিষ্ট দিনটোত শক্তিৰ আৰাধ্য দেৱী দূৰ্গাক মৰ্ত্তলৈ আমন্ত্ৰণ জনোৱা হয়। হিন্দু ধৰ্মাৱলম্বীসকলৰ বিশ্বাস, এই দিনটোতে দেৱী দূৰ্গাই অপশক্তিৰ বিনাশ কৰাৰ বাবে ধৰালৈ নামি আহে।

পুৰাণ শাস্ত্ৰৰ মতে দুৰ্গা দেৱীয়ে ন দিন একেৰাহে যুদ্ধ কৰাৰ অন্তত দশম দিনটোত মহিষাসুৰক বধ কৰিবলৈ সক্ষম হয়। সেইকাৰণে যুদ্ধকালীন এই সময়ছোৱাক নৱৰাত্ৰী স্বৰূপে পালন কৰা হয়। আৰু মহিষাসুৰক বধ কৰা দশম দিনটোক বিজয়ৰ উৎসৱ হিচাবে বিজয়া দশমী পালন কৰা হয়। লগতে এই দিনটোতে আমি দেৱী দূৰ্গাক ধৰাৰ পৰা বিদায় জ্ঞাপন কৰো। অৰ্থাৎ দেৱাী দূৰ্গাৰ মৃন্ময় মুৰ্তি বিসৰ্জন দিয়া হয়।

গতিকে দেৱী দূৰ্গা পৃথিৱীলৈ নামি অহা দিনটোৰ পৰা প্ৰকৃততে আমাৰ শাৰদীয় দূৰ্গা উৎসৱৰ আৰম্ভণি ঘটে। এই প্ৰথম দিনটোকে মহালয়া হিচাবে পালন কৰা হয়। এই দিনটোত হিন্দু ধৰ্মাৱলম্বী, বিশেষকৈ শাক্তপন্থী (শক্তি পূজক) লোকসকলে ঘৰৰ পদূলিত চাকি বন্তি জ্বলাই দেৱী দূৰ্গাক আহ্বান জনায়। মহালয়াৰ দিনটোৰ পুৱা ফুৰাচকা কৰিলে দেৱীৰ আশীৰ্বাদ লাভ কৰা যায় বুলি এক বিশ্বাস আছে।

আমাৰ চুবুৰীয়া পশ্চিমবংগ ৰাজ্যত মহালয়া যথেষ্ট উচ্চাহেৰে পালন কৰা হয়। এই দিনটোতে দূৰ্গাদেৱীৰ প্ৰতিমা ‌নিৰ্মাণ কৰা খনিকৰ সকলে দূৰ্গা প্ৰতিমাৰ চকুযোৰি প্ৰতিমাত সংযোজিত কৰে আৰু প্ৰতিমাৰ ৰং দিয়া কাম আৰম্ভ কৰে।

হিন্দু ধৰ্মাৱলম্বী সকলৰ এক বিশ্বাস যে‌ এই মহালয়া তিথিতে পূৰ্বপুৰুষ সকলৰ প্ৰতি তৰ্পন অৰ্পন কৰিলে পৰিয়ালৰ মঙ্গল হয়। লগতে উত্তৰাধিকাৰী নোহোৱা বা অকাল মৃত্যুক সাৱতি লোৱা লোক সকলৰ প্ৰতিও শুদ্ধিৰ বাবে তৰ্পন কৰা হয়। এই অনুষ্ঠানক ‘পাৰ্বন শ্ৰাদ্ধ’ বুলিও কোৱা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস যে এই শ্ৰাদ্ধ কৰিলে অতৃপ্ত আত্মাই মুক্তি লাভ কৰে।

মহালয়াৰ দিনা দুখীয়াক দান-দক্ষিণা কৰিলে মঙ্গল হয় বুলিও জ্ঞান কৰা হয়।

মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনত সপ্তমী তিথি আৰম্ভ হোৱাৰ পৰা মূল দুৰ্গা পূজাৰ আৰম্ভণি ঘটে।

শৰৎ কালত এই পূজা হোৱাৰ বাবে , ইয়াক শাৰদীয় দূৰ্গা পূজা বুলিও কোৱা হয়। গতিকে মহালয়া তিথি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে পৱিত্ৰ তিথি। এই তিথিৰ মহত্ব গধুৰ।