শুভ নৱবৰ্ষ
টিংকু বৰা,লখিমপুৰ
মচি পেলোৱা পোহৰৰ গতি ৰুদ্ধ কৰা সেই পথবোৰ,
যিয়ে জীৱনলৈ কঢ়িয়াই আনে
অমানিশাৰ ক’লা ডাৱৰ।
অতীতক পাহৰি যোৱা—
শিক্ষাবোৰ নহয়, কেৱল বেদনাবোৰ।
যোৱাবোৰ মাথোঁ বন্ধ অধ্যায়,
আৰু অহাবোৰ
নতুন যাত্ৰাৰ নিঃশব্দ পাতনি।
মেঘে আৱৰি ৰখা সপোনবোৰে
এতিয়া পাখি মেলিছে,
জিৰণি লৈছে মুকলি আকাশৰ তলত।
নিশাৰ আঁৰত,
জোনাকী পৰুৱা নিঃশব্দে উৰে,
পোহৰৰ দৰে,
পতন আৰু উৰ্ধ্বযাত্ৰাৰ মাজেৰে
প্ৰেম, আশা আৰু সাহস বোৱাই।
নতুন বছৰৰ নৱনীলিম আভাই তোমাক আলোকিত কৰিব,
বতাহৰ সুৰে ক’ব নতুন গল্প,
হৃদয়ৰ আঁৰত লুকাই থকা আশাবোৰ প্ৰজ্বলিত হʼব,
প্ৰতি ক্ষণে তোমাক শিকাব সাহসৰ নতুন পাঠ।
ভুলে তোমাক ভাঙি নেপেলালে,
বৰঞ্চ তোমাক গঢ়িলে।
কাৰণ তুমি শেষ নহয়—
তুমি এতিয়াও আৰম্ভণি।
