শুভ নৱবৰ্ষৰ নৱ সংকল্প – ইভা গন্ধীয়া ফুকন

Pc Real Simple

শুভ নৱবৰ্ষৰ নৱ সংকল্প

ইভা গন্ধীয়া ফুকন

সময় গতিশীল সময়ৰ বোকোচাত উঠি আমি গতি কৰি আছোঁ। সময়ৰ সোঁতক কোনেও বাধা দিব নোৱাৰে। অবাবত সময় নষ্ট কৰিলে সময়ে এদিন আমাক নষ্ট কৰিব।সময়ক মূল্য দিয়া আৰু সঠিকভাৱে ব্যৱহাৰ কৰাটো আমাৰ কৰ্তব্য বুলি ভাবিব পাৰিব লাগে। পল অনুপল কৰি দিন,মাহ, বছৰ বাগৰি চাওঁতে চাওঁতে আকৌ এটা বছৰ পুৰণি হ’ল । আৰু আমাৰ দৈনন্দিন দিনপঞ্জীত নতুন বছৰৰ সংযোজন হ’ল । “অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ” ২০২৩ ৰ ঠাইত ২০২৪ লিখিবলৈ দুই এদিনৰ অভ্যাসৰ প্ৰয়োজন আহি পৰিব।ঘৰৰ বেৰত ওলমি থকা ২০২৩ বৰ্ষৰ কেলেণ্ডাৰ খনৰ ঠাই ২০২৪ বৰ্ষৰ কেলেণ্ডাৰে দখল কৰিব । এক জানুৱাৰীৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি নতুন বছৰে ভূমুকি মাৰিব । বহাগ মাহটো অসমীয়াৰ নতুন বছৰৰ আৰম্ভণি হলেও আমি আমাৰ অফিচ- কাছাৰী আদিৰ সকলো কাম কাজ ইংৰাজী নতুন বছৰ ধৰিয়ে কৰোঁ।বিদায়ী বৰ্ষ হিচাপে ডিচেম্বৰ মাহটোত বনভোজৰ আয়োজন ।বোকা পানী শুকাই বতৰো ফৰকাল হৈ থাকে।অকল বনভোজ খাই বছৰটো বিদায় জনোৱাটোৱে জানো সাফল্য বুজায়। বছৰটোত কি কৰিলোঁ কি নকৰিলোঁ, কি পালোঁ কি নাপালোঁ কিমান সাফল্য হ’লো ইয়াৰ খতিয়ান বিচাৰ কৰি  চোৱাৰো প্ৰয়োজন। কি নাপালোঁ কিয় নাপালোঁ কিয় বিফল হ’লো সেইটো ফঁহিয়াই চাই নতুন বছৰত সেইয়া কাৰ্যকৰী কৰি সফল হোৱাৰ পণ লোৱাটোহে আচল কথা।জীৱন থাকে মানে কৰ্ম কৰিবলৈ লাগিব ।যি কৰ্মই সৎ পথৰ সন্ধান দি সাফল্যৰ শীৰ্ষত  পৰ্দাপন কৰিব পাৰে সেই কৰ্মই শ্ৰেয় আৰু তেনে কৰ্ম কৰি যোৱাটো বাঞ্চনীয় ।তেনে কৰ্মই মন মগজু সুস্থিৰ কৰি বিশৃংখলতা আঁতৰাই শৃংখলাবদ্ধ ভাৱে জীৱন গঢ়াত সহায়ক হয়।ইংৰাজী নতুন বছৰটো অকল কেলেণ্ডাৰ লুটিওৱাৰ বৰ্ষ নহয়। নতুন বছৰটো নতুন আশা আৰু সম্ভাবনাৰে ভৰা এক নতুনৰ আৰম্ভণি। নতুন লক্ষ্য নতুন সপোন দেখাৰ সময় । ই মাথো মাজনিশাৰ কাউন্টডাউন বা আটচবাজীৰ শব্দ নহয় ।নতুন বছৰ জগতখনৰ বাবে খোল খাই থকা এখন আত্মউপলদ্ধিৰ বিশাল দুৱাৰ হিচাপে গণ্য কৰিব পাৰি । পুৰণিক বিদায় দি নতুন বছৰ আদৰিবলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিবলৈ ব্যবহাৰ কৰা গ্ৰীটিংচ কাৰ্ড কিনিবলৈ দোকানত ভিৰ নাইকীয়া হ’ল।ইজনে- সিজনক, আপোনজনক, প্ৰিয়জনক , চাৰ -বাইদেউ সকলক শুভেচ্ছা জনাই লিখা ভাৱ ভাষা পঢ়ি আপ্লুত হোৱাৰ দিনে নষ্টালজিক কৰি তোলে । তাত আছিল গভীৰ আবেগ ভৰা অনুভূতিৰ মধুৰ গুঞ্জন। এতিয়া প্ৰযুক্তিৰ বিস্তাৰে সমাধি দিলে সেই অনুৰাগৰ মিঠা গুঞ্জন ।নতুন বছৰ আদৰিবলৈ ক’ত কিমান যে আয়োজন।জীৱনৰ নতুন আৰম্ভণিৰ বাবে নৱবৰ্ষ দিৱস তাৎপৰ্যপূৰ্ণ।নতুন বছৰ উদযাপনৰ নামত মাংসৰে উদৰ পুৰাই ভোজ খাই সুৰাৰ ৰাগীত মতলীয়া হৈ উদ্যাম নৃত্য কৰাই নতুন বছৰ উদযাপন নুবুজায়।ফুৰ্তি কৰক কৰ্মৰ তালিকা প্ৰস্তুত কৰি উন্নত ভৱিষ্যতৰ আশা কৰি ।বন্ধুত্ব,ভাতৃত্ত্ববোধৰ এনাজৰীয়ে হিংসা, জাতিভেদ পৰিহৰি পীড়িত  জনৰ হকে, আৰ্তজনৰ হকে, নিজৰ হকে,দহৰ হকে, দেশৰ হকে কৰ্ম কৰিবলৈ সংকল্প লওঁ আহক। নতুন আংগিকেৰে নতুনৰ ৰেঙণি বিচাৰি।শেষত ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।