“শুভৰাম্ভ” ডায়েৰী লিখাৰ – মুন শৰ্মা

PC Adobe Stock
“শুভৰাম্ভ” ডায়েৰী লিখাৰ
মুন শৰ্মা, লখিমপুৰ
“শুভৰাম্ভ” ডায়েৰী লিখাৰ…
অভিনন্দন, নিজকে দিলোঁ এমুঠি শুভেচ্ছা,
 আৰম্ভ নীলা চিয়াঁহীৰে আখৰ এক মহামেলা।
থিতাপি ভাৱনাৰ মুঠি মুঠি অনুভৱৰ গুঞ্জন,
লিখি যাম দিনলিপি সাজিম বাক্যৰে মালা,
হৰ্ষ-বিষাদ,হাঁহি কান্দোন, আৰু বহুতো,
পুতিব থুপনি,শুৱনি ডায়েৰীৰ মাজত।
অনুপম জীৱন বাগিচাৰ অলেখ কথা,
সংগ্ৰামী জীৱনৰ সংগ্ৰামী গাঁথা,
লিখিম হেঁপাহেৰে নিভাঁজ সাঁজত,
নিগৰাম আলফুলে কলম খামুচি।
ডায়েৰী একোটি পাত বৃদ্ধকালৰ লাখুটি হ’ব,
নিসংগ বৃদ্ধকালৰ এজাক লগৰী হ’ব,
এৰি অহা দিনৰ স্মৃতি খুচৰি,
হাঁহিম কান্দিম আৰু ৰোমন্থন যে বহুতৰ,
আশাত “শুভৰাম্ভ” ডায়েৰী লিখাৰ………।।