শুভমুক্তিৰ পূৰ্বেই অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’

শুভমুক্তিৰ পূৰ্বেই অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ তথা অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অহা ৩১ অক্টোবৰত চিত্রগৃহলৈ আহিব।জুবিন গাৰ্গৰ অন্তিমখন ছবিয়েও মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে । প্রিয় শিল্পীগৰাকীক চিত্ৰগৃহৰ পর্দাত হ’লেও জীবন্ত ৰূপত চাবলৈ ব্যাকুল হৈ আছে প্রত্যেকে।ট্ৰেইলাৰ মুকলিৰ পাছতে জুবিন গাৰ্গৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছিল  ইতিমধ্যে শুক্ৰবাৰৰ পৰা বিগ বাজেটৰ ছবিখনৰ অনলাইন অগ্রিম টিকট বুকিং আৰম্ভ হৈছে। ইয়াৰ লগে লগে মুক্তিৰ পূর্বেই অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ ড্রীম প্রজেক্টটোৱে। এঘণ্টাৰ ভিতৰতে ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰায় ৫.৫০ লাখ টিকট অগ্রিম বুকিং হৈছে।  আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে বুক মাই শ্ব’ৰ নেচনেল ট্রেণ্ডিঙতো আহিছে ছবিখন। দক্ষিণৰ জনপ্রিয় ছবি ‘নটাৰা কো নেচনেল ট্রেণ্ডিঙত ‘ৰৈ ৰৈ বিনালে’ই চেৰ পেলাইছে। ‘ৰৈ ৰৈ বিনালে’ৰ বাবেই ৩১ অক্টোবৰৰ পৰা ৰাজ্যৰ চিত্ৰগৃহত চলিবলগীয়া সকলো হিন্দী চিনেমাৰ প্রদর্শনী বাতিল কৰা হৈছে। অর্থাৎ মুক্তি লাভৰ দিনটোৰ পৰা গুৱাহাটীকে ধৰি অসমৰ চুকে-কোণে থকা চলচ্চিত্ৰগৃহত প্রদর্শিত হ’ব জুবিন গাৰ্গৰ অন্তিমখন ছবি। বুক মাই শ্ব’ত প্ৰায় ৩ নবেম্বৰলৈ সকলো টিকট বিক্ৰী হোৱাৰ তথ্য পোৱা গৈছে। অগ্ৰিম টিকট বিক্ৰীৰ পিছতে সকলো ছবিগৃহ ইতিমধ্যে হাউছফুল। ইয়াৰ বাবেবুক মাই শ্ব’ৰ  শীৰ্ষত চাৰ্চ লিষ্টটো আহিছে অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’।গুৱাহাটী মহানগৰীৰ চেন্ট্রেল মলত থকা চিনেপ’লিছত এদিনতে সর্বাধিক ১৯টা দর্শনী হ’ব ছবিখনৰ। সেইদৰে চিটী চেণ্টাৰত পিভিআৰ আৰু ইন’ক্স (আওৰাছ)-এ ১৬টাকৈ, বেলতলাৰ মেট্রিক্স চিনেমাই ১২টা, গ্ৰেণ্ড ৰয়েল চিনেছে ১১টা শ্ব’ দিছে ‘ৰৈ ৰৈ বিনালে’ক। বাকী চিত্রগৃহসমূহতো সমগ্র দিনটো চলিব কেৱল জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখন। এইক্ষেত্ৰত অনুৰাধা, গলেৰীয়া, আইদেউ চিনেমা, আৰআৰ চিনেমা, গ’ল্ড চিনেমা, ইন’ক্স-এনচিএছ স্কোৱেৰ আদিৰ কথা উল্লেখ কৰিব পাৰি। বহুকেইটা চিত্রগৃহত ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ হাউছফুল হিচাপে কর্তৃপক্ষই ঘোষণা কৰিবলগীয়া হৈছে। অসমীয়া ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৱা ৬ বজাৰ পৰা ছবি প্ৰদৰ্শন কৰিব বেলতালাৰ মেট্রিক্স চিনেমাই। গুৱাহাটী মহানগৰীৰ উপৰি যোৰহাটৰ ইলি মাল্টিপ্লেক্স, ইন’ক্স এবিএছ মল, ডিব্ৰুগড়ৰ গলেৰীয়া, তিনিচুকীয়াৰ গলেৰীয়া, ৰংঘৰ, তেজপুৰৰ এছভিএফ চিনেমা, টিএনজেড চিনেমা, আইএমপি চিনেমা, আনোৱাৰ ভিআৰএছ,শিৱসাগৰৰ ভটীয়াপাৰৰ ভাস্কৰজ্যোতি, ৰঙিয়াৰ ডিলাইট, মঙলদৈৰ ছুপাৰ মাৰ্কেটৰ ফান, টেঙাবাৰীৰ গ’ল্ড আদি চিত্রগৃহতো টিকটৰ অগ্রিম বুকিঙে অভিলেখ গঢ়িছে। অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল, মেঘালয় আৰু মণিপুৰতো ছবিখনে মুক্তি লাভ কৰিব। লগতে মুম্বাই, কলকাতা, পুনে, কেৰালা আৰু হায়দৰাবাদতো ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ যো-জা চলি আছে। সেইদৰে অষ্ট্ৰেলিয়া, আমেৰিকা আৰু কানাডাত বর্তমানলৈকে ছবিখন মুক্তি দিয়াটো প্রায় নিশ্চিত হোৱা বুলি নিৰ্মাণৰ সৈতে জড়িত এক সূত্রই জানিবলৈ দিয়ে।মুক্তি দিয়াৰ পূৰ্বে সম্প্ৰতি পৰিচালক ৰাজেশ ভূঞাসহ মুম্বাইত ব্যস্ত হৈ আছে ‘ৰৈ ৰৈ বিনালে’ৰ টীম। ডি আই, মিউজিক, মিক্সাৰ আৰু বেকগ্রাউণ্ডৰ কাম সম্পূর্ণ হৈছে। কেৱল ফাইনেল প্রিণ্টৰ বাবেহে মুম্বাইত ব্যস্ত টীমটো।