শুভমন গিলক এদিনীয়াৰ নতুন অধিনায়ক হিচাপে নিযুক্তি

Pc The Hindu

শুভমন গিলক এদিনীয়াৰ নতুন অধিনায়ক হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰতৰ এদিনীয়া আৰু টি-২০ দলটো ঘোষণা কৰে। ৰোহিত শৰ্মাই আঁতৰাই শুভমন গিলক এদিনীয়া দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । অৱশ্যে অধিনায়কত্ব হেৰুৱালেও ৰোহিত শৰ্মাৰ লগতে তাৰকা বেটাৰ বিৰাট কোহলি এদিনীয়া শৃংখলাটোলৈ প্ৰত্যাৱৰ্তন কৰিছে। ইপিনে, শ্রেয়াছ আয়াৰক এদিনীয়া শৃংখলাটোত সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক এদিনীয়া শৃংখলাটোত বিশ্রাম দিয়া হৈছে যদিও টি-২০ শৃংখলাটোত অন্তর্ভুক্ত কৰা হৈছে। আনহাতে তাৰকা পেচবলাৰ মহম্মদ ছামীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগীয়া দুয়োটা দলতে স্থান লাভ নকৰিলে। এদিনীয়া শৃংখলাটোত পেচবলাৰ হিচাপে স্থান লাভ কৰিছে হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, অর্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণই। আনহাতে, আঘাতৰ পৰা আৰোগ্য লাভ নকৰাৰ বাবে তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক ঘোষিত দল দুটাত অন্তর্ভুক্ত কৰা হোৱা নাই। টি-২০ শৃংখলাটোত সূৰ্যকুমাৰ যাদৱে ভাৰতীয় দলটোক নেতৃত্ব দিব। উল্লেখ্য যে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচত ভাগ ল’ব। এদিনীয়া শৃংখলাটো ১৯ অক্টোবৰৰ পৰা আৰু টি-২০ শৃংখলাটো ২৯ অক্টোবৰৰ আৰম্ভ হ’ব। ঘোষিত এদিনীয়া দলটো হ’ল- শুভমন গিল, শ্রেয়াছ আয়াৰ, ৰোহিত শৰ্মা, বিৰাট কোহলি, অক্ষৰ পেটেল, লোকেশ ৰাহুল, নীতিশ কুমাৰ ৰেড্ডী, বাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, অর্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছোৱাল। টি-২০ দলটো হ’ল-সূৰ্যকুমাৰ যাদৱ, অভিষেক শর্মা, শুভমন গিল, তিলক বার্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শর্মা, বৰুণ চক্ৰৱৰ্তী, যশপ্রীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, সঞ্জু ছেমছন, ৰিংকু সিং আৰু ৱাশিংটন সুন্দৰ।