শুই থকা অৱস্থাত জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- চাবুৱাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। সোমবাৰে নিশা ঘৰৰ চৌহদতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জলসম্পদ বিভাগৰ কৰ্মচাৰীক মাধুৰ্য বৰুৱাক। সোমবাৰে নিশা প্ৰায় ডেৰ মান বজাত চাবুৱাৰ জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক চাৰিজনীয়া দুৰ্বৃত্তই অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে।উল্লেখযোগ্য যে ঘৰত শুই থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই মাধুৰ্যক শুৱাপাটিৰ পৰা জগাই চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মুৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰে বুলি স্থানীয় লোকে জনায় । জানিব পৰা মতে দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা মাধুৰ্য বৰুৱা ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল। তিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা ৭বজাত দণ্ডাধীশ উপস্থিত হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এইপৰ্যন্ত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই। ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে । এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
