শীতৰ সৰিয়হফুল – বন্দনা শৰণীয়া

শীতৰ সৰিয়হফুল

বন্দনা শৰণীয়া

সৰিয়হ ফুলৰ সুগন্ধত মই
শীত শীত গোন্ধ এটা পাওঁ ।

দীঘলকৈ উশাহ এটা লৈ মই,
হাতখনেৰে বুকুখন সিপাও
আস্… !

শীতৰো যে সুগন্ধ আছে,
সৰিয়হ ফুলে সোঁৱৰায় !
হালধীয়া বুকুত ৰ’দে লিখা
ৰঙা চিঠিখন বতাহতে পঠিয়ায়।

আবেলিৰ ঘনঘোৰতাত
দুনয়ন স্তিমিত হোৱাত
কুঁৱলীৰ ওৰণি টানি শীতে
খোজবোৰ কণামুনাকৈ
য’তে ততে পেলায় ।