শীতৰ সেমেকা নিশা –  এছ ইছলাম

Pc Wikipedia
শীতৰ সেমেকা নিশা 
  এছ ইছলাম,শিক্ষক
                       মইনবৰী,বৰপেটা
ঢিমিক্-ঢামাক জ্বলিছে বিজুলীৰ চাকি
টিপটিপ নিয়ৰৰ টোপাল পৰিছে
শীতৰ সেমেকা ৰাতি।
গছ-গছনি নিজুম মাৰিছে
ঠেৰেঙা লগা জাৰত গভীৰ নিদ্ৰাত
মগ্ন হৈছে গোটেই জগত ।
গভীৰ নিদ্ৰাত লালকাল
       পোক-পতংগ চৰাই-চিৰিকটি
ময়ে কিজানি সাৰে আছোঁ
       গোটেই এন্ধাৰ ৰাতি ।
সুবৰ্ণিল আকাশত নাই অকনো তৰা
গোটেই জগত শুভ্ৰ কুঁৱলীৰে ভৰা ।
ইচাতি-বিচাতি কৰি আছোঁ
চোফাত পৰি
মেলি দিছোঁ দুৱাৰ-খিৰিকি
কবিতাৰ ছন্দ বিচাৰি ।
হিম চেঁচা জাৰত কঁপি কঁপি
      উৰুৱাই লওঁ নিহালী খন
কোনে শুনিব অভাগা কবিৰ
       অতৃপ্ত মনৰ গুপুত গুনগুন ।