শীতৰ সন্ধিয়া – আয়নাল হক

PC - Wallpaper Cave
শীতৰ সন্ধিয়া
আয়নাল হক, ধুবুৰী 
শীতৰ সন্ধিয়া
ঊণী কাপোৰেৰে ঢাকি ৰাখিছোঁ সৰ্ব শৰীৰ
নতুবা শিতাৰৰ তাপত দেহ জুৰাইছোঁ
নতুবা শীত-তাপ নিয়ন্ত্ৰিত ৰূমত
আৰামেৰে চাহৰ জুতি লৈ মোবাইল পিটিকিছোঁ।
কিন্তু এবাৰ চাইছোঁনে সিহঁতলৈ…
পথৰ দাঁতিত কঁপি কঁপি
জাবৰৰ দমৰ জুই বিচাৰি
হাবাথুৰি খাই ফুৰা দুৰ্ভগীয়া বোৰলৈ ?
পেটৰ ভোক আৰু প্ৰয়োজনীয় কাপোৰৰ অভাৱত
জঠৰ হৈ থকা সিহঁতৰ মনৰ খবৰ
কোনেও নাৰাখে…!
কোনো আঁচনিয়ে ঢুকি নোপোৱা
সিহঁত যেন সমাজৰ আৱৰ্জনা।
কোটৰত সোমাই থকা চকুযোৰেৰে
সিহঁতেও বিচাৰে কাৰোবাৰ সহায়ৰ হাত
নতুবা এষাৰি মৰমৰ মাত।
সকলো মিছা…!
এতিয়া
শীতৰ আক্ৰমণত সিহঁত ধাৰাসায়ী…!
তথাপিও অট্টালিকাৰ বন্ধ কোঠাৰ উমবোৰ নজনাৰ বাবেই
সিহঁতে ফুট-পাথতে কটাব পাৰে
শীতৰ কুঁৱলী-সিক্ত সন্ধিয়া…।