শীতৰ প্ৰকোপ আৰু উৎকট গৰম কিয় ? – শৈলেন কুমাৰ

Pc American Heart Association

শীতৰ প্ৰকোপ আৰু উৎকট গৰম কিয় ? ( কৰ্ম অনুযায়ী ফল )

 শৈলেন কুমাৰ,মিৰ্জা

ৰাজ্যজুৰি বৃদ্ধি পাইছে শীতৰ প্ৰকোপ,ব্যহত হৈছে জনজীৱন ৷ শীতকালত ঠাণ্ডা আৰু গ্ৰীষ্মকালত উৎকট গৰম আমাৰ অনুভৱ হয় ৷ কিন্তু কি কাৰণে গৰম আৰু ঠাণ্ডা তাৰ কাৰণ অধিকাংশই বুজিবলৈ জানো চেষ্টা কৰে ? মানে কথাবিলাক এনেধৰণৰ কোনবাই জীয়াই থাকে অথবা মৃত্যু হয় তাত আমাৰ কি আহে আৰু যায় ? মোৰ পেট আৰু পৰিয়ালৰ পেটতো ভৰি আছে নহয় ৷ এই যে আমাৰ সুবিধাবাদী,স্বাৰ্থবাদী চিন্তাধাৰা কেৱল নিজৰ কথা চিন্তা কৰা ? এইবোৰে আমাক কি বনাই পেলালে ? উৎকট গৰম আমি সহিব নোৱাৰোঁ লগতে অত্যধিক শীতত আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ ৷ কিন্তু আমাৰ নষ্ট চৰিত্ৰ আৰু স্বভাৱ যিয়ে আমাক বতাহ,পানী,খাদ্য,বাসস্থান দিব তাকে আমি অস্তিত্বহীন কৰিম ৷ আমাৰ চৰিত্ৰ খাই পাত ফলা বিধৰ আমি অকৃতজ্ঞ স্বাৰ্থবাদী মানুহ ৷ গছে বায়ু দিয়ে,আমি গছ কাটি বনাঞ্চল ধ্বংস কৰাত শ্ৰেষ্ঠ,অবাধ খনন,পাহাৰ জংঘল কাটি তহিলং ৷ নদীয়ে পানী দিয়ে,ভাৰতবৰ্ষৰ নদীবোৰ অৱস্থা তথৈবচ,নদীৰ পানী বিষাক্ত হৈ পৰিছে ৷ খাদ্য আৰু বাসস্থানৰ যোগানকাৰী পথাৰবোৰত পুজিপতিৰ গ্ৰাসত,কিছুপৰিমাণৰ ধনৰ বিনিময়ত আমি পথাৰবোৰ পুজিপতিৰ হাতত গটাই দিওঁ,তাত ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান,কলকাৰখানা সৃষ্টি কৰি,প্ৰদূষণ বিষবাষ্প বিয়পাই দিয়া হয় ৷ যাৰ পৰিনাম আৰু পৰিণতি প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন ৷ আমি কেতিয়াবা সুস্থিৰভাৱে ভাবি চাইছোঁনে কৃত্ৰিম সৃষ্টিশীলতাৰ দৌৰত আমি প্ৰকৃতি আৰু পৃথিৱীখনক কমটো কষ্ট দি থকা নাইনে ? আমি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি থকা নাইনে ? কিন্তু চিৰসত্য কথা যে সৃষ্টি হ’লে ধ্বংস অনিবাৰ্য্য ৷ আৰু সেয়াই অন্তিম সত্য জন্ম হ’লে মৃত্যু হব কিন্তু জীৱনত জন্ম আৰু মৃত্যুই তেতিয়া পূৰ্ণতা পায় যেতিয়া আমি সত্যক সঁচা আৰু অসত্যক মিছা বুলি কোৱাৰ সৎসাহস থাকে কিন্তু বৰ্তমান আমাৰ মনমগজু সকলো বিক্ৰী অৰ্থৰ লালসাত,সঁচা কথা কোৱাটো মহাপাপ আৰু হিংসাকুৰীয়া মানৱৰূপী দানৱবোৰ আছেই জুই একুৰাত ফিৰিঙতি দিবলৈ ৷ গতিকে আমি স্মৰণ কৰা উচিত বীৰ শ্বহীদ সকলৰ কথা যাৰ বলিদানৰ পৰিণতি আজিৰ সমাজ আজিৰ দেশ ৷ কিন্তু আমি বীৰ শ্বহীদ সকলোকো পাৰিলে উপলুঙা কৰিবলৈ চেষ্টা কৰিম কাৰণ বীৰৰ শৌৰ্য্যবীৰ্য্যৰ মহান গাথাঁ আমাৰ দৰে সাধাৰণ শ্ৰেণীয়ে ঢুকি নেপাওঁ,গতিকে ঢুকিব নোৱাৰা বিষয়বোৰ বিকৃত কৰাটো আমাৰ নিকৃষ্ট স্বভাৱ আৰু চৰিত্ৰ ৷ যিজন মহানৰ আমি চুলি এডালৰো যোগ্য নহয় সেইজন মহানক আমি তুচ্ছতাছিল্য কৰি নিঃশেষ কৰি দিয়াটোৱেই শ্ৰেয় ৷ কিন্তু এই অৱহেলা,এই নিকৃষ্ট ষড়যন্ত্ৰ আদিৰ বাবে আমি আজি পৰিতপ্ত ৷ যোগ্যতাক আমি কেতিয়াও প্ৰাধান্য নিদিও পাৰিলে যোগ্যজনক সমলোচনা কৰি লেংমাৰি উফৰাই পেলোৱাটো আমাৰ চৰিত্ৰ ৷ মহাপ্ৰলয় অনিবাৰ্য্য এফালে যদি গৰম মৰুভূমি আৰু আনফালে শীতল মৰুভূমি লগতে অনাকাংক্ষিত বানপানী আৰু আগ্নেয়গিৰি উদ্গীৰণ এয়া হব আমাৰ অনিচ্ছাকৃত কৰ্মৰ ফল ৷ আমাৰ অতিপাত সুখৰ বোজা ৰূপে আমি অনাকাংক্ষিত ভৱিষ্যতৰ বাবে এতিয়াৰেপৰা সাজুহৈ থকা উচিত ৷