শীতৰ নিশা বৰফ গলে – অনন্ত কুমাৰ ভূঞা

শীতৰ নিশা বৰফ গলে

অনন্ত কুমাৰ ভূঞা

জোনাকে মেলানি মাগিলে
কৃষ্ণ পক্ষৰ নিঃসংগ নিশাৰ ঘটিছে প্ৰৱেশ
তন্ময়ভাৱনাত
টোপনিত লালকাল আন্ধাৰ জগত,
ঠিক তেতিয়াই
কিবা এটা অজান অনুভৱে
দোলা দি নাচিবলৈ ধৰিছে মন ভিতৰত ।
নিৰস নিশাৰ ঘোপমৰা আন্ধাৰ
অসহ্য শীতৰ প্ৰকোপত ঠেৰেঙা লাগিছে মন,
নিঃসংগতাৰ সান্নিধ্যত
নীৰৱে লিপিবদ্ধ কৰিছোঁ কবিতা জীৱনৰ ।
নিৰ্মোহ বেদনা,
অজান আশংকাত কঁ‌পনি উঠিছে
ভয়ত ঘাম বিৰিঙিছে এই শীতৰ নিশা ।
চেতনাই জোকাৰিছে
প্ৰেৰণাই বাৰে বাৰে আগভেটি ধৰিছে বাট ।
যন্ত্ৰণাত ছাটি-ফুটি মন
কেঁ‌হেৰাজৰ দৰে হৈছে মুখৰ বৰণ ,
বাৰে বাৰে উপলদ্ধিয়ে জোকাৰিছে মন
যেন ক্ৰমশঃ ছুটী হৈ আহিছে উশাহ
আৰু
এছাটি অচিনাকি উত্তাপ বগাইছে গাত ,
উত্তেজিত ক্ষণ অশান্ত মন
বিভ্ৰান্ত সময় ।
স্ব-জ্ঞান হেৰাইছে
সেই বাবে হিমচেঁ‌চা বৰফৰ টুকুৰা
মেৰিয়াই লৈছো শৰীৰত
কিজানি শাম কাটে হিয়াৰ উত্তাপ ।
ভীষণ যন্ত্ৰণাত মৰহিছে আশাৰ স্বপ্ন ,
নিঠৰুৱা এই সময়ত
যেন প্ৰত্নত্তত্বৰ প্ৰেত আহি আমনি কৰিছে ।
ভীতিবিহ্বল শীতৰ নিশা,
চোৱাচোন
কি দৰে চপৰা চপৰে গলিছে বৰফ
কি যে অদ্ভুত অবাস্তৱ এই নিশা ।