শীতৰ গধূলি- সুনম বিশ্বাস

শীতৰ গধূলি

সুনম বিশ্বাস
                               গোৰেশ্বৰ, তামুলপুৰ

শীত মানেই এক জটিলতা
সহজ- সৰল মনবোৰ বিষাক্ত
সাপৰ দৰে ফণা ধৰি উঠে,
হৃদয়ৰ নিভৃত কোণত
জমা হৈ থকা বিষবোৰ
এসময়ত এই শীতৰ গধূলিতে
খেৰৰ পুঁজিৰ আঁৰত বহি
দুয়ো হিয়া উজাৰি
কৈছিলো আমাৰ প্ৰেমৰ একুকি  গল্প
এতিয়া শীত ধৰালৈ নামিলেই
যেন বুকুখন আৰ্তনাদ কৰি উঠে।
অস্থিৰ বিৰক্তি উপজে এই কুঁৱলীৰ গধূলিত।
জোনাকীবোৰো  অস্পষ্ট হৈ পৰে,
নিৰ্লজ্জ মলয়াই  আৰু
তোমাৰ বতৰা নিদিয়ে
বৰঞ্চ হৃদয়খন কঁপাই দিয়ে
সেমেকি যায়, মোৰ পৃথিৱীখনl
সেইদিনৰ কথা ভাবিলেই,
এতিয়াও শিঁহৰি উঠে মোৰ সর্বশৰীৰ
কিমান নিষ্ঠুৰ হ’লে কাঢ়ি
নিব পাৰে দুটি লোকৰ এটি প্ৰাণ,
আজীৱন একেলগে থকাৰ প্রতিজ্ঞাবোৰ
টুকুৰা-টুকুৰ কৰি গুচি গ’লা তৰালিৰ দেশলৈ
সপোনবোৰ উটুৱাই নিলে কালৰ সোঁতে
জী উঠাৰ যৎপৰোনাস্তি প্রচেষ্টা
তুমিও কৰিছিলা কিন্তু….
পাঁচবৰ্ণৰ সেই শব্দটি ‘Sorry’
ডক্টৰৰ মুখৰ পৰা শুনাৰ পিছতেই
আৰু এই জগতৰ অস্তিত্ত্বৰ
প্রতি বিৰাগ জন্মিছে ,কিংকর্তব্যবিমূঢ়
আত্মহত্যাও কৰিব নোৱাৰো,
কাপুৰুষতাৰ বদনাম সহ্য নহ’ব যে
তোমাৰ, সেয়ে এচটা শিল বুকুত
বান্ধি জীয়াই আছো তুমি তুমি
অনুভৱ কৰি তোমাৰ
সেই চিঠিকেইখনৰ জোৰত ।