শীতৰ কুঁৱলী
মিতালি বৰঠাকুৰ ,মালিগাওঁ
গাঁওৰ গুণ গুণ কুঁৱলী
পথাৰ ঢাকি সৰিছে
যেন অদূৰত ধোঁৱা উৰিছে
খেৰী চালৰ উঠঙা ওঁঠত দুলি আছে
কুঁৱলীৰ টোপ টোপ চুমা
মোৰ চহৰৰ কুঁৱলী ধূসৰ ধূসৰ
নেদেখা নদীৰ সিপাৰে বেলি লহিয়াইছে
কুঁৱলীৰ ফাঁকে ফাঁকে ধূলি সৰা বাট
হেৰাই যোৱা সোণালী দিনৰ স্মৃতিৰ বাটত
চহৰত লিখিছোঁ মই
জীৱনৰ নিৰ্লোভ কবিতা ।
