শীতৰ কুঁৱলী ভৰা সন্ধিয়াৰ বোকোচাত উঠি – শুৱলা দাস,

Pc Reddit

শীতৰ কুঁৱলী ভৰা সন্ধিয়াৰ বোকোচাত  উঠি

শুৱলা দাস,যোৰহাট

শীতৰ বোকোচাত উঠি
কুঁৱলী ভৰা সন্ধিয়াবোৰ
আহকচোন এনেকৈয়ে কেতিয়াবা !

সদায় নহলেও কেতিয়াবা
বুকুৰ কোঁহত  সুখৰ কৰুণ বোৱঁতী নৈত
ঢৌ খেলক এটি বিষাদ ঘন
হুমুনিয়াহে !

জীৱনৰ দীঘলীয়া পৰিক্ৰমাত
নোপোৱা আৰু পায়ো  হেৰোৱা
অপ্ৰাপ্তিৰ  শুষ্ক নৈ খনৰ বালিত
প্ৰাণ পাই উঠক
এটি জলজ  উহে !