শীতৰ এৰী চাদৰখন – ৰশ্মি ৰেখা দুৱৰা

PC - Wikipedia

শীতৰ এৰী চাদৰখন

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

ঠাণ্ডা দিন আহিলেই তাঁতৰ শালত এৰী চাদৰ বোৱা দেখিবলৈ পোৱা গৈছিল।বয়সস্থ সকলো লোকেই এৰী চাদৰ ব্যৱহাৰ কৰিছিল।ককাহঁতে দীঘলকৈ বোৱা এৰী চাদৰখন,আৰু আইতাহঁতে চুটিকৈ বোৱা এৰী চাদৰখন।চুটিকৈ বোৱা এৰী চাদৰখনক দুকঠিয়া বুলিও কোৱা হয়।সময়ৰ আহ্বানত আধুনিকতাৰ প্ৰভাৱত এৰীচাদৰৰ ব্যৱহাৰ একেবাৰেই কমি আহিল।গাঁৱৰ পৰিৱেশতো এশজন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিকহে ব্যৱহাৰ কৰা দেখা যায়।

বৰ্তমান সময়ত এৰী পলুৰ উৎপাদন দিনকদিনে কমি অহাৰ বাবেই এৰী চাদৰে তাঁতশালত স্থান হেৰুৱাব লগা হৈছে।এৰী পলুৰ প্ৰধান খাদ্য এৰাপাত।এৰাপাতৰ সলনি কেচেৰু পাতো খাদ্য হিচাপে গ্ৰহণ কৰে।এৰী পলু বছৰৰ আটাইকেইটা মাহতে পালন কৰিব পৰা যায় যদিও ভাদ,আহিন,কাতি মাহতহে এৰী পলু পালনৰ বাবে উপযুক্ত সময় বুলি কোৱা হয়।এৰী পলু পকাৰ পাছত বাহ বান্ধে।বাহ বন্ধাৰ কেইদিনমানৰ পাছতেই পলুবোৰ লেটালৈ ৰূপান্তৰিত হয়।এৰী লেটাবোৰ বাহটোৰ পৰা উলিয়াই লেটাবোৰ খোৱা হয় আৰু বাহটোৰ পৰা সূতা উলিয়াই এৰী কাপোৰ তৈয়াৰ কৰা হয়।এৰী লেটা খাবলৈও বৰ সোৱাদযুক্ত হয়।যেতিয়ালৈকে খায় পোৱা নাযায় সেই সোৱাদৰ বিষয়ে জনা টান।এৰী চাদৰখন অতি আদৰৰ আৰু সন্মানৰ।এৰী চাদৰখন বৰ্তমান সময়ত হেৰাই যোৱাৰ দিশে।কাৰোবাৰ ঘৰত থাকিলেও বাকচতে সাঁচি ৰাখে,ব্যৱহাৰৰ বাবে উপযুক্ত বুলি নাভাবে।আগৰদিনত মাতৃয়ে জী জোঁৱাইকৰ বাবে আইতাকে নাতি জোঁৱাইকৰ বাবে বৰ হেঁপাহেৰে এৰী চাদৰখন বৈছিল,আৰু উপহাৰ হিচাপে প্ৰদান কৰিছিল।সেই সময়বোৰ বৰ আনন্দৰ আছিল।

বৰ্তমান সময়ত এৰী সূতাৰ লগত বেলেগ-বেলেগ সূতা মিহলি কৰি দুকঠীয়া কাপোৰ বজাৰত উপলব্ধ হোৱা দেখা যায় যদিও পুৰুষে লোৱা এৰী চাদৰখন পোৱা নাযায়।যিখন হাতেৰে সূতা কাটি তাঁতশালত বোৱা হৈছিল।আইতাহঁতে বয় থৈ যোৱা এৰী চাদৰখন এতিয়াও বহুতৰে ঘৰত আছে।সেই এৰী চাদৰখন পাহৰি নেপেলাই আকৌ যদি আমি আদৰি লওঁ যিসকলে এৰী চাদৰৰ বিষয়ে নাজানে বা দেখি পোৱা নাই জানিব পাৰিব।