শীতৰ এটি অনুভৱ – সুনম বিশ্বাস

Pc Wallpaper Abyss-Alpha Coders

শীতৰ এটি অনুভৱ

সুনম বিশ্বাস (প্ৰিয়ম)
                               গোৰেশ্বৰ, তামুলপুৰ

ঘন কুঁৱলীৰ  বুকু ভেদিণ Pc Wallpaper Abyss-Alpha CodersPc Wallpaper Abyss-Alpha Codersপৃথিৱীৰ চুকে-কোণে  শীত নামি আহিছে। প্ৰবাহমান কালৰ পৰাই ইয়াৰ গতি অবান্তৰ। শীত নামি অহাৰ এক দৃশ্যৰ বর্ণনা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত,

‘আরম্ভিছে শীতকাল, পড়িছে নীহার-জাল,
শীর্ণ বৃক্ষশাখা যত ফুলপত্রহীন;
মৃতপ্রায় পৃথিবীর মুখের উপরে
বিষাদে প্রকৃতিমাতা শুভ্র বাষ্পজালে গাঁথা
বুজ্ঝাটি-বসনখানি দেছেন টানিয়া,;
পশ্চিমে গিয়েছে রবি, স্তব্ধ সন্ধ্যাবেলা,
বিদেশে আসিনু শ্রান্ত পথিক একেলা।’

শীত সকলোৰে বাবে একে নহয়, এক শ্রেণী লোকৰ বাবে শীত আৰামৰ কোমল দলিচা, সোনোৱালী সপোন দেখুওৱা সুখৰ টুকুৰা, কাৰোবাৰ বাবে শীত বিদেশ ভ্রমণৰ নিচা, আনন্দত মতলীয়া হৈ ইয়াৰ মাদকতা উপভোগ কৰে এইচামলোকে । কিন্তু চহা কৃষক, দৰিদ্ৰতাৰ কৰাল গ্রাসত ডুব গৈ কোনোমতে জীৱন -যাপন কৰা  লোকসকলক সুধক, শীত কি? শীতৰ সংজ্ঞা কি? ইয়াৰ অনুভৱ কেনেকুৱা ? ভগ্ন হৃদয়ৰ নগ্ন শৰীৰে দেখুৱাই দিব জলন্ত জীৱনৰ পুৰি পুৰি ছাই হোৱা দুখৰ টুকুৰা ।হাড় কঁপোৱা শীতে তেওঁলোকৰ জীৱনলৈ নমাই আনে ঘোৰ অমানিশা ।ই এক অভিশপ্ত শীত। চহৰৰ এ.চি.ৰুমৰ কোঠাত থকা কাঠচিতীয়া মানুহবোৰে কি বুজিব ফটা কঁথাৰ উমাল বুকুৰ মাদকতা! জীৱনৰ সহজ-সৰল আনন্দ এইচাম লোকৰ বাবে প্ৰাণহীন এটা জঁকাৰ দৰে । এওঁলোকৰ মানত গাঁৱত থকা লোকসকল যেন ষ্টেটাছ নিমিলা অংক, আন্তৰিকতাৰ দৃষ্টিৰে চোৱাটো কথা দূৰৰ কথা, দেখিলেই মুখ সংকুচিত হৈ যায় ; পিতৃ-মাতৃকো আধুনিকতাৰ ধামখুমীয়াত ৰেহাই দিয়া নাই, নিজস্ব ইচ্ছাক  মনৰ ভিতৰতে কবৰ দি যেন এইযুগৰ ব্ৰেণ্ডেড সাজ- পাৰ পপৰিধান কৰিবলৈ বাধ্য নহ’লে যে বৃদ্ধাশ্ৰমৰ দুৱাৰে দুহাতে স্বাগতম জনাবলৈ যেন বহি আছে! সৰ্বত্রে অৱহেলিত সাম্প্রতিক বৃদ্ধা।  ঠাণ্ডাৰ কবলত ছটফটালেও ট্ৰেণ্ড আগত। কিন্তু পদপথৰ কাৰুণ্য জীৱন -যাপন কৰা লোকৰ অৱস্থালৈ চকু ফুৰাবলৈ সেইসকলৰ আহৰি নাই  ,শীতে তেওঁলোকৰ দৈনদ্দিন জীৱনলৈ  মধুৰ সপোনৰ ৰহঘৰা সাজি নিদিয়ে, বৰঞ্চ ঠাণ্ডাৰ কবলত পৰি দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে বৈ থকা তেজ যেন হিমচেঁচা পৰ্বতৰ বুকুৰ গোটা বৰফ হৈ পৰে। হাজাৰ কাতৰোক্তিৰ পিছতো যেন আমি অন্ধ, মহাভাৰতৰ গান্ধাৰীৰ দৰে আমাৰ শাসনব্যৱস্থা! দিব্যসচী হৈয়ো আমি পংগু, ধন-প্ৰাচুৰ্য্যৰে উভৈনদী থকাসত্ত্বেও আমি ভিক্ষাৰী, তেওঁলোকলৈ দিবলৈ— ‘ যা-যা, দূৰ হ ভিক্ষাৰীৰ দল ‘ এইবোৰ মধুৰ বাক্যৰ বাহিৰে আন একা নাই..!  আন্তৰিকতাৰ ভৰ আমাৰ তুলাচলীত শূন্য।এচামে আকৌ লোকচক্ষুত নিজকে মহান সজাবলৈ মুখাপিন্ধা  আন্তৰিকতা দেখুওৱাই। সিহঁত যেন ডিজিটেল ভিক্ষাৰীৰ দল।সাম্প্ৰতিক সহায় কৰাৰ যিটো ট্ৰেণ্ড চলিছে  সেয়া এজন লোকৰ আত্মসন্মানত,স্বাভিমানক আঘাত কৰা নাইনে?এই যে এহাতে সহায়ৰ হাতখন আনহাতে চেল্ফি,ফটো শ্বুট,ভিডিঅ’ কৰি  সামাজিক মাধ্যমত আপলোড দিয়ে, সিহঁত কোন জানেনে? ডিজিটেল ভিক্ষাৰী; লাইক, কমেন্ট, ভাইৰেল হোৱাৰ প্ৰলুব্ধ নিচা যেন মানৱতাক বজৰুৱা কৰি পেলাইছে! কাৰোবাক সন্মান কৰিব নোৱাৰিলে সমান হননৰ অধিকাৰ জানো আমাৰ আছে? !পাৰে যদি আন্তৰিকতাৰ হাতখন আগবঢ়াই দিবছোন, চাব তাতেই পৰমপ্ৰাপ্তি , পাৰমাৰ্থিক সুখ অমোধ শক্তি পাব,জীয়াই থকাৰ অৰ্থ উদ্ভাসিত হৈ পৰিব। দৰিদ্ৰৰ জীৱনত টকা-পইচাৰ অভাৱ থাকিব পাৰে, কিন্তু তেঁওলোকৰ জীৱনটো  উপভোগ কৰা ক্ষেত্ৰত মুক্ত আকাশৰ উন্মুক্ত বিহংগ। খাদ্য, বস্ৰ, আশ্ৰয়, প্ৰকোপ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ  অহিৰ্নিশে সংগ্ৰাম কৰিবলগীয়া হয় ঠিকেই, তথাপিও জীয়াই থকাৰ  অমোঘ শক্তি যেন জীৱনটো স্বাচ্ছন্দ্যৰে পাৰ কৰাৰ হেঁপাহৰ পৰাই পায়।  স্বাধীন জীৱন উপভোগ কৰাৰ বাবে এবুকু সপোন মনৰ কোণতে আত্মহত্যা কৰি জী থাকে, পদে পদে লাঞ্ছিত  বঞ্চিত , নিৰাশা আচঁলত বান্ধি  হলাহল পানৰ বাঞ্ছাৰে ৰুদ্ৰৰূপী হৈ !সেউজীয়া উমাল বুকুত জিলিকি থকা মুকুতাসদৃশ নিয়ৰৰ টোপোলে শীতৰ আমেজ নিদিয়ে,বৰং কাঁইট বিন্ধা দি বিন্ধে ।

শীতে যে কেবল মানুহৰ বাবে দুখৰ জোৱাৰ লৈ আহে  তেনে নহয়, প্ৰকৃতিৰ বুকুতো  ঘোৰ অন্ধকাৰ নমাই আনে। পশু, পখী, ফল- ফুল , তৰু-লতায়ো শীতৰ কোপত অশান্তিত ভুগে। স্বচ্ছন্দ্যে জীয়াই থকাৰ মাদকতা হেৰাই পেলায়। বিশ্বকবি ৰবীদ্ৰনাথ ঠাকুৰৰ কবিতাতো পৰিলক্ষিতহয় , —

” ‘পাখি বলে, আমি চলিলাম,
ফুল বলে, আমি ফুটিব না;
মলয় কহিয়া গেল শুধু,
বনে বনে আমি ছুটিব না ।
কিশলয় মাথাটি না তুলে
মরিয়া পড়িয়া গেল ঝরি,
সায়াহ্ন ধূমল-ঘন বাস
টানি দিল মুখের উপরি।’

গতিকে, শীতে শ্ৰমজীৱী, দৰিদ্ৰ মানুহৰ জীৱনলৈ যেনেকৈ সৰ্বনাশ লৈ আহে, তদ্রূপ প্রকৃতিৰ বুকুতো লৈ আনে মৰুভূমিৰ শুষ্কতা। সেইবোৰৰ পৰা কিছু উপশম কৰাৰ ক্ষেত্ৰত আমাৰ কৰণীয় কেৱল সহাঁৰিপূৰ্ণ ব্যৱহাৰ,  আন্তৰিকতা , কঠোৰ মনোবলৰ  প্ৰতি শ্ৰদ্ধাশীলভাব , সৃষ্টি কৰিব নোৱাৰিলে যেন ধ্বংস নকৰোঁ।