শীঘ্ৰে মুক্তি পাব পাৰে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে

Pc Time8 Assam News

শীঘ্ৰে মুক্তি পাব পাৰে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  শীঘ্ৰে মুক্তি পাব পাৰে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে।বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক মুকলি আকাশৰ তললৈ আহিবলৈ অসম আৰক্ষীয়ে সহায় কৰিব।পুনৰ বৰ্ষাশ্ৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে,” বৰ্ষাশ্ৰীয়ে কবিতা লিখাৰ বাবে নহয়, “স্বাধীন অসম” বুলি টেগ লাইন লিখাৰ বাবে কাৰাগাৰত আছে।তাই এটা টেগ লাইন লিখিছিল “স্বাধীন অসম” বুলি৷বৰ্ষাশ্ৰী সৰু ছোৱালী, তাইৰ সৈতে আমি অভিভাৱকৰ ভূমিকা পালন কৰিছো।আলফাত নোযোৱাৰ নিশ্চয়তা দিলে মুকলি কৰাত সহায় কৰিম।ইতিমধ্যে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা আমি ইতিবাচক সঁহাৰি লাভ কৰিছো৷শেহতীয়াকৈ আলফালৈ যাব বিচৰা একাংশ যুৱক যুৱতীক কাউন্সেলিঙৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো ব্যৱস্থা কৰিছে৷আবেগত উটি ভাঁহি যাওক, কিন্তু নিষিদ্ধ সংগঠনৰ ফালে মন মেলিব নালাগে।’’