শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনিঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- খিলঞ্জীয়াৰ সুৰক্ষাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্র প্রদান আঁচনি। ইয়াৰ বাবে বিশেষ প’র্টেল অতি সোনকালে আৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়- অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে প’ৰ্টেল সাজু হৈ আছে। অচিৰেই এই প’র্টেলটো মুকলি কৰা হ’ব। তিনি প্ৰজন্মৰ যিসকল লোক অসমত বাস কৰি আছে, তেওঁলোকে এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইফালে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই বিশেষ অস্ত্ৰৰ অনুজ্ঞাপত্র প্রদান আঁচনিৰ জৰিয়তে কোন কোন লোক যোগ্য হ’ব তাক সদৰী কৰিছে। সেই অনুসৰি অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক হ’লে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। তদুপৰি বাস কৰা অঞ্চলত জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰা নাগৰিক, জিলা প্রশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়নৰ আধাৰত স্পৰ্শকাতৰ বা দুর্গম অঞ্চলত বাস কৰা ব্যক্তি এই অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে যোগ্য হ’ব। সামাজিক মাধ্যমযোগে তেওঁ এই প্ৰক্ৰিয়াৰ জৰিয়তে নিৰাপত্তা মূল্যায়ন, পৰীক্ষণ আৰু সত্যাসত্যতা নিৰ্ধাৰণ কৰা হ’ব বুলি স্পষ্ট কৰিছে। তদুপৰি এই প্ৰক্ৰিয়াটো বিদ্যমান আইনৰ সৈতে সামঞ্জস্যকৰণ, অহস্তান্তৰযোগ্য আৰু সময়ানুক্রমিক পর্যালোচনা, নিৰীক্ষণ আৰু প্রতিবেদন হ’ব বুলিও তেওঁ উল্লেখ কৰিছে ।