শীঘ্ৰে আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’ল দলঙৰ নিৰ্মাণৰ কাম

শীঘ্ৰে আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’ল দলঙৰ নিৰ্মাণৰ কাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা উত্তৰ-পূবৰ ৰে’লযাত্ৰীৰ বাবে সু-খবৰ। শীঘ্ৰে আৰম্ভ হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত দ্বিতীয়খন ৰে’লৱে দলং নিৰ্মাণৰ কাম। দুখলপীয়া দলংখনত থাকিব দ্বৈত ৰে’লপথ আৰু তিনিলেনযুক্ত পথ । ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব শৰাইঘাটত দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণ।এই সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই সাংবাদিকক কয়, চলিত বছৰৰ ছেপ্টেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব । ২০২৯ চনৰ ডিচেম্বৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব ল‍াগে । আগিয়াঠুৰীৰ পৰা কামাখ্যা সংযোগী দ্বৈত ৰে’লপথ প্ৰকল্পৰ অধীনত এই দলংখন নিৰ্মাণ কৰা হ’ব । এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ১,৪৭৮ কোটি টকা ধাৰ্য কৰা হৈছে । আনহাতে দলংখনৰ মুঠ দৈৰ্ঘ হ’ব ১.৩ কিলোমিটাৰ । এই দলংখনত থাকিব মুঠ ১২টা খুঁটা । ৰে’ল চলাচল কৰিবলগা এই দ্বিতীয়খন দলং মুকলি হ’লে যাতায়াত ব্যৱস্থা অধিক খৰতকীয়া হ’ব আৰু নতুন নতুন যাত্রীবাহী আৰু মালবাহী ৰে’ল চলাচল কৰিব ।