শীঘ্ৰে অগপত যোগদান কৰিব ছিদ্দিক আহমেদে 

শীঘ্ৰে অগপত যোগদান কৰিব ছিদ্দিক আহমেদে 

ৰঙিলী বাৰ্ত্তাসেৱা- শীঘ্রে অগপত যোগদান কৰিব বিৰোধীৰ তিনি বিধায়ক। অগপ নেতৃত্বৰে এই উদ্দেশ্যে বৈঠকত বহিল কংগ্ৰেছ আৰু এআইইউডিএফৰ তিনি বিধায়ক। আগন্তু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰে সৃষ্টি হৈ থকা সংঘাতৰ বাবে দল সলনিৰ প্ৰস্তুতি চলোৱা এই বিধায়ককেইজনৰ ভিতৰত আছে কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ছিদ্দিক আহেমদ আৰু এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু কৰিম উদ্দিন বৰভূঞা। উল্লেখ্য যে অসম বিধানসভাৰ অগপৰ বিধায়িনী কক্ষত অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত এই তিনিওগৰাকী বিধায়কে অগপত যোগদান সন্দর্ভত এক বৈঠকত বহে। উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচনত অগপৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবেই নিলম্বিত হৈছিল কংগ্রেছ বিধায়ক ছিদ্দিক আহমেদ। একে সময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিজ সমষ্টি হেৰুওৱা নিজামুদ্দিন চৌধুৰীয়ে নতুন সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে এআইইউডিএফৰ পৰিৱৰ্তে অগপক বাছি লৈছে। একেদৰে সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞায়ো আগন্তুক নির্বাচনত জয়লাভৰ লক্ষ্যৰে অগপত যোগদানৰ পৰিকল্পনা কৰে। এই লক্ষ্যৰে তিনিও বিধায়কে অগপ নেতৃত্বৰ সৈতে বৈঠকত বহি আঞ্চলিক দলটোত যোগদানৰ দিন স্থিৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে আজি ছিদ্দিক আহমেদে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সম্ভাৱনীয়তাকো উল্লেখ কৰে।