শীঘ্রে সম্পন্ন হ’ব ৫,৫৫০টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্রক্রিয়া
ৰঙিলী বাৰ্ত্তাসেৱা– শীঘ্ৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সম্পন্ন কৰিব ৫,৫৫০টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্রক্রিয়া। এই পদসমূহৰ ভিতৰত ৩,৮০০টা নিম্ন প্রাথমিকৰ হোৱাৰ বিপৰীতে বাকী ১,৭৫০টা উচ্চ প্রাথমিকৰ। ইতিমধ্যে ন্যায়ালয়ৰ বাধা আঁতৰাত প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মহানগৰীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তর্জাতিক অতিথিশালাত অহা ৮ জুলাই পর্যন্ত অনুষ্ঠিতব্য নথি পৰীক্ষণৰ প্ৰথম তিনি দিন ক্রমে ২৭ জুন, ২৮ জুন আৰু ৩০ জুনত উপস্থিত থাকিবলগীয়া প্রার্থীসকলৰ তালিকা প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰিছে। এই সন্দর্ভত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে কয় যে নথি পৰীক্ষণ প্রক্রিয়া ইতিপূর্বে আৰম্ভ কৰা হৈছে। কিন্তু আদালতৰ নির্দেশত কিছুদিন স্থগিত ৰাখিবলগীয়া হ’ল। এতিয়া পর্যায়ক্রমে নথি পৰীক্ষণৰ কাম আগবঢ়াই নিয়া হ’ব। প্রথম তিনি দিনৰ কাৰণে আমাৰ ৱেবছাইটত প্ৰাৰ্থীসকলৰ তালিকা প্রকাশ কৰা হৈছে। বাকী প্রার্থীসকলৰ তালিকাও ৱেবছাইটযোগে প্রকাশ কৰা হ’ব। প্রধানতঃ প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এইবাৰ নেচনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং (এনআইঅ’এছ)ৰ অধীনত ডিইএলএড লাভ কৰাসকলেও সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে বিগত ২০২৩ চনৰ ২৬ ডিচেম্বৰত উক্ত ৫,৫৫০ নিয়মীয়া শিক্ষক পদ পূৰণৰ কাৰণে প্রাথমিক শিক্ষা সঞ্চালকালয়ে বিজ্ঞাপন প্রকাশ কৰিছিল।